পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

প্ৰেৰণা যোগোৱা এই গুণী সাহিত্যিক সকলৰ ওচৰত মই চিৰ দিন কৃতজ্ঞ হৈ থাকিম।

 গুণীসকলৰ উৎসাহেৰে অত্যুৎসাহিত হৈ পুথিখনি ছপাবলৈ সংকল্প ললোঁ স'চা; কিন্তু চিৰস্থায়ী আৰ্থিক দৈন্য মোৰ সংকল্প পূৰণত প্ৰচণ্ড বাধা হ’ল। প্ৰকাশক সকলৰ কাষ চাপিলোঁ। কিন্তু কবিতা পুথি, তাতে আকৌ ন লেখক বুলি কোনো প্ৰকাশক পুথিখনি ছপাবলৈ আগবাঢ়ি নাহিল। সেয়েহে পুনৰ বাৰ ই পেৰাৰ চুকতে পৰি থাকিবলগীয়া হল।

 বছৰৰ পিছত বছৰ পাৰ হ’ল।

 সাত বছৰৰ মূৰত আকৌ এটি আশালৈ নতুন প্ৰকাশন অনুষ্ঠান জীৱন জ্যোতি সঙ্গীতাশ্ৰমৰ কাষ চাপিলোঁগৈ৷ সৌভাগ্য যে এই অনুষ্ঠানটিয়ে অন্য প্ৰকাশক সকলৰ দৰে ন লেখকৰ কবিতা পুথি বুলি “মিলন”ক অৱহেলা নকৰি ছপোৱাৰ সিদ্ধান্ত ললে। তেখেত সকলেও অনাদৰ কৰা হলে “মিলন” হয়তো পেৰাৰ চুকতে নিঃশেষ হৈ গ'লহেঁতেন। উৱলি যাব ধৰা পাণ্ডুলিপিখনি ছপা আখৰত পুথিৰূপে উলিয়াই দিয়া বাবে এই সহৃদয় অনুষ্ঠানটিৰ মই শলাগ ললোঁ।

 নানা আলৈ-আহুকালৰ মাজেৰে ‘মিলন’ ৰাইজৰ মাজলৈ ওলাল। এতিয়া পঢ়ুৱৈ সমাজৰপৰা পুথিখনিয়ে কিঞ্চিৎ মানো সমাদৰ পালে লেখক ধন্য হব।

সংগীতাশ্ৰম
বিৰুবাৰী, গুৱাহাটী-১৬
২৫ ৷ ৬ ৷ ৮০
উমেশ বৈশ্য
 


উছৰ্গা


৺ জেঠি
 তোমাৰ শ্ৰীচৰণত
 অৰপিলোঁ অকণি ‘মিলন’।
 ফুল বুলি লবা।
 —উমেশ