পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
উমেশ বৈশ্য স্মৃতিচাৰণ


অগ্ৰজপ্ৰতীম বন্ধু প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য

দণ্ডধৰ চক্ৰৱৰ্তী
নামদোঙা, নলবাৰী

 জন্মস্বত্বে লৈ অহা কিছু প্ৰতিভা আৰু সম্ভাৱনা লৈয়ে উমেশ চন্দ্ৰ বৈশ্যই জন্মগ্ৰহণ কৰিছিল ইং ১৯৩৯ চনৰ ৩ অক্টোবৰ তাৰিখে শক্তিমাৰ্গৰ মহাপীঠ কালীমন্দিৰৰ সমীপত, বালিলেছা গাঁৱত। নলবাৰী চহৰৰ পৰা এই গাঁৱলৈ দূৰত্ব মাত্ৰ আঢ়ৈ কিলোমিটাৰ দক্ষিণত। তেওঁৰ পিতৃ আছিল প্ৰয়াত বন্তিম বৈশ্য আৰু মাতৃ প্ৰয়াত পবিত্ৰপ্ৰিয়া বৈশ্য। জ্যেষ্ঠ সন্তান হিচাবে উমেশ চন্দ্ৰ বৈশ্যই পিতৃ-মাতৃৰ পৰা যথেষ্ট মৰম-স্নেহ পাইছিল সঁচা কিন্তু অৰ্থনৈতিক অনগ্ৰসৰতাৰ বাবে সময়ে সময়ে তেওঁ পাবলগীয়া সুবিধাকণৰ পৰা বঞ্চিত হ'বলগীয়াও হৈছিল। কিছু আৰ্থিক দুখ-কষ্ট আৰু পাৰিপাৰ্শ্বিক সীমিত সা-সুবিধাৰ মাজেৰেই ইং ১৯৪৫ চনত বালিলেছা এম. ভি. স্কুলত তেওঁক নাম ভৰ্তি কৰাই দিছিল। সন্তানক এখন বিদ্যালয়ত নাম লিখি দি সকলো পিতৃ-মাতৃয়ে এখন আশাৰ ছবি অংকন কৰাৰ দৰে বৈশ্যৰ পিতৃ- মাতৃয়েও বহু আশা-প্ৰত্যাশাৰ ছবি মনৰ মাজত আঁকিছিল। সন্তানৰ সাৰ্থকতালৈ বাট চাইছিল। ইং ১৯৫২ চনত বৈশ্যই বৃত্তি লাভ কৰি সুখ্যাতিৰে এম.ভি. পাছ কৰি পিতৃ-মাতৃৰ আশাৰ প্ৰাথমিক স্বৰ্ত্ত পূৰণ কৰিবলৈ সক্ষম হৈছিল। এম.ভি. পাছ কৰাৰ পাছত উমেশ চন্দ্ৰ বৈশ্যই কেইমাহমানৰ বাবে নলবাৰীৰ দেবীৰাম পাঠশালা হাইস্কুলত পঢ়িবলৈ লৈছিল, কিন্তু কোনো কাৰণত সেই স্কুলৰ পৰা নলবাৰী গৰ্ডন হাইস্কুললৈ গৈ তাত নামভৰ্তি কৰে আৰু সেই স্কুলৰ পৰাই ইং ১৯৫৯ চনত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। বালিলেছাৰ এম.ভি. স্কুলত পঢ়া সময়ত বৈশ্য আমাতকৈ এক শ্ৰেণী ওপৰত পঢ়িছিল; কিন্তু প্ৰৱেশিকা পৰীক্ষা আমাতকৈ এবছৰ পাছতহে পাছ কৰিলে। সেই সময়ৰ শিক্ষা ব্যৱস্থাই এই ঘটনা ঘটাইছিল। মজলীয়া বিদ্যালয়ৰ পৰা এম.ভি. অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰীক্ষা পাছ কৰি হাইস্কুলত আকৌ পঞ্চম শ্ৰেণীতহে নাম ভৰ্তি কৰিব লাগিছিল। শিক্ষা ব্যৱস্থাৰ এই বিধিগত দিশৰ বাবেই জ্যেষ্ঠ ভাতৃস্বৰূপ অগ্ৰজ উমেশ চন্দ্ৰ