পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

পোছাকত তোমাৰ শুভ্ৰ ধুতি পাঞ্জাৱী
দূৰ আকাশলৈ চাই গাইছিলা অন্তৰৰ গান
কাহানিও নেদেখিলো
তোমাৰ চকু মুখত বেদনাৰ চাৱনি
এয়া যেন ভগৱানৰ তোমালৈ দান॥

মোৰ দ্বিতীয় পুৰুষেও ধন্য মানিছিল
তোমাক গুৰু হিচাপে পায়।
তুমিএ সিহঁতৰ কোমল অন্তৰত
দিছিলা সঙ্গীতৰ তাল-লয়॥

আমি নাম দিছিলো তোমাক
দ্বিতীয় বিষ্ণু ৰাভা।
সদায়ে থাকিবা বন্ধু তুমি
আমাৰ অন্তৰত যেন মচিব নোৱাৰা ৰেখা॥ •


(লেখক গুৱাহাটীৰ চান চিকিউৰিটি চাৰ্ভিচৰ জেনেৰেল মেনেজাৰ।)