দাদাৰ বিয়াৰ আগৰ। এনেকৈ মোৰ বহু ৰাতি শেষ হৈছে। তাৰ মাজতে দাদাৰ গুৰু জমিৰুদ্দিন আহমেদ হঠাতে আহি আমাৰ ঘৰত থাকে। সেই একে কথা, ছাৰে কয়, “উমেশ, উঠাহা এটি গীতৰ সুৰ মনত পৰিছে। হাৰমনিয়ামটো লোৱা, অতুলকো মাতা।” দাদাই মোক মাতে, ময়ো উঠো, কেঁচা টোপনি। চকু মেল নাখায়। তাতে আৰু কয়, “যা, একাপ চাহ কৰ।” চাহ কৰো। চাহ কাপৰ মাত্ৰ এক ঢোকহে খায়। বাকীখিনি এনেয়ে বেয়া হৈ যায়। ৰাতিটোত পাঁচ- ছয়বাৰ চাহ দিব লাগে। মোৰো বিৰক্তি লাগে। চাহৰ পিছত ছাৰে হুপে বিড়ি। বিড়ি কিমান হুপে হিচাব নাই। ৰাতিপুৱা ঘৰ চাফা কৰোতে বিড়িৰ টুকুৰা দেখি মন বেয়া লাগি যায়। তেওঁলোকৰ এইবোৰ মন কৰিবলগীয়া কথা নহয়। গুৰু- শিষ্য মাত্ৰ সেই ৰাতি সুৰৰ মায়াজালত নিৱদ্ধ। দাদাই গীত ৰচিছে, কোন সময়ত ৰচিছে সেই সময়ৰ কোনো ঠিকনা নাই। কিন্তু গীতবোৰক সুৰেৰে সজাই প্ৰাণ ঢালিছে ৰাতি। এই কথাটি মই ভালকৈ জানো। সৃষ্টিৰ স্পৃহা, অদম্য সাহস আৰু অকপটে ক'বলগীয়া কথা তেওঁ সমাজৰ আগত ক'ব পৰা গুণৰ অধিকাৰী আছিল।
তেওঁৰ দৈনন্দিন জীৱনটো আন ৯৯ জন মানুহৰ চিন্তাৰ লগত নিমিলা জীৱন। সেইটো প্ৰমাণ কৰে তেওঁৰ সাহিত্য, কলা-সংস্কৃতি আৰু সংগীতৰ সৃষ্টিৰাজিয়ে।
জীৱনৰ নানা ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি অতি কম সময়ৰ ভিতৰত অতি কঠিন বিষয়বস্তুৰ ওপৰত বিচৰণ কৰি তাৰ পৰা ৰং, ৰস গোটাই ব্যৱহাৰিক প্ৰয়োগৰ মাজেৰে সমাজৰ দায়বদ্ধতা গ্ৰহণ কৰিছে, এইটো সহজ কথা নহয়। নিয়তিৰ কি নিৰ্মম পৰিহাস, চাকৰি কাল শেষ নৌহওঁতেই এনে গুণী-জ্ঞানী, সহজ-সৰল, উচ্চ চিন্তাশীল দাদাই তেওঁৰ পৰিয়ালবৰ্গ, মাতৃ আৰু আমাক কন্দুৱাই ১৯৯৮ চনৰ ১ আগষ্ট তাৰিখে এই সংসাৰৰ পৰা বিদায় লয়। তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত এয়ে প্ৰাৰ্থনা।
(লেখক এন.এফ, ৰেলৱেৰ ছিনিয়ৰ ডি.এম.ই. ডিজেল চি গ্ৰেড-১ টেকনিচিয়ান [মেকানিকেল]। শ্ৰীবৈশ্য প্ৰয়াত উমেশ বৈশ্যৰ দ্বিতীয় কনিষ্ঠ ভাতৃ তথা তবলাৰ মধ্যমা আৰু চেতাৰৰ প্ৰথমা উত্তীৰ্ণ।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)