পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

দুখন বা ততোধিক বিদ্যালয় লগ হৈ উমৈহতীয়া খৰচেৰে সাংস্কৃতিক প্ৰতিযোগিতা বা দৰ্শনেৰে অনুষ্ঠান আয়োজন কৰিব পাৰিলে ছাত্ৰ-ছাত্ৰীসকলে ফলপ্ৰসু হ'ব। এই সন্দৰ্ভত আমি পৰিকল্পনা হাতত লৈছিলো। সেইসূত্ৰে তেখেতৰ শিল্পীমনা শিক্ষয়িত্ৰী কেইগৰাকীক আমন্ত্ৰণ জনাই আমাৰ বিদ্যালয়ৰ লগত মত বিনিময় কৰিছিলো। তথাপি এনেকুৱা লাগিছিল যেন আমাৰ পৰিকল্পনা কলিতে মৰহি গ'ল। কাৰণ মধুমেহ ৰোগে তেখেতৰ কাৰ্যদক্ষতা আৰু জীৱনী শক্তি চমুৱাই আনিছিল। এনেকুৱা হৈছিল জীৱনৰ অন্তিম বেলিকাত সঘনাই বৃক্ক পৰিশোধন কৰিবলগীয়া হৈছিল। এই কেইদিনত তেখেতক লগ পালেই এটি শুকান হাঁহিৰে খবৰ ভাল বুলিয়েই জনাইছিল। ১৯৯৮ চনৰ ১ আগষ্ট তাৰিখে জীৱনৰ যৱনিকা পেলাই স্ত্ৰী আৰু পুত্ৰ কেইগৰাকীক এৰি অজান ঠাইলৈ গুছি গ’ল। তেখেত আজি য’তেই নাথাকক কিয় মোৰ বিশ্বাস তেখেত আজিও ভালে আছে। ●

 

(লেখক বিৰুবাৰীৰ মাধৱ দাস হাইস্কুলৰ প্ৰধান শিক্ষক।)
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)