পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

তিনি নিশা খােৱা-বােৱা সকলাে তেখেতে বহন কৰি মাদ্ৰাজৰ প্রধান প্রধান চাব লগা ঠাইবােৰ তেখেতৰ গাড়ীখনেৰে আমাক দেখুৱালে। আমাৰ গুৰুজী ৰমা গােস্বামীয়ে কিবা গণিত কৰি তাৰিখ ধৰি দিয়ে। এই কথাৰ বাহিৰে মােৰ তেখেতৰ ওপৰত আপত্তি একো নাই। সেই ভদ্রলােকজনৰ বিষয়ে অর্থাৎ মাননীয় বাল চৌৰী ৰেড্ডী সম্পর্কে মহানতাৰ প্রতীক ‘তিনি বন্ধুৰ ভাৰত দর্শন’ পুথিখনত বিস্তৃত লিখা হৈছে। তিনিওজনে মহাসুখেৰে ভাৰত ভ্রমণ সামৰিলোঁ।

 প্রয়াত বৈশ্যৰ স্মৃতিয়ে সকলােকে আকর্ষণ নকৰাকৈ নাথাকে যি এবাৰ তেখেতৰ সান্নিধ্য পাইছে। তেখেতৰ সকলাে কাম আছিল গাণিতিক। ভৱিষ্যতৰ কথা ভাবিহে কাম কৰিছিল। দৰিদ্ৰতাৰ লগত যুঁজি হাৰ মনা লােক নাছিল।

 আমাৰ শিক্ষানীতি প্রাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ ধ্বনিৰ প্রতীক শব্দার্থ অভিধাৰ অভিধান পুথি শিকাব নােৱাৰাৰ অভাৱত মানসিক, দৈহিক স্বাস্থ্যৰ কোনাে সুচিন্তিত পাঠ নাই। প্রচলিত শিক্ষা ব্যৱস্থা আৰু সমাজৰ জনগণক আগুৱাই যাবলৈ নিৰােগী মনৰ খাদ্য মানে শব্দৰ স্পষ্টতা-শুদ্ধতা আৰু সঠিক ধাৰণাৰ অভাৱ হৈ ৰৈ যাব আৰু মানুহক বিপথগামী-ধ্বংসমুখৰ পৰা উদ্ধাৰ কৰা সহজ নহ'ব।

 মানুহৰ আটাইতকৈ শক্তিশালী সম্পদ হ’ল— মুখ্য শক্তি অভিধা। ইমান পবিত্র, ইমান। বান মন-মগজু-হৃদয়ক এক কৰিব পাৰে। এই অনুভৱ- উপলব্ধি জীৱনৰ বিয়লি বেলাতহে হৃদয়গ্রাহী হ’ল। বৈশ্যই বাৰে বাৰে সোঁৱৰাই দিছিল কোনাে দিনে ইয়াৰ অধ্যয়নৰ পৰা যাতে আঁতৰি থকা নহয়।

 জনচেতনা আনিব লাগিলে ইয়াৰ অবিহনে সম্ভৱ নহয়। বিভিন্ন পৰিবেশৰ অভিজ্ঞতা সংগ্রহ কৰি ভিন ভিন শাস্ত্ৰত জ্ঞান লাভ কৰি শুদ্ধ সিদ্ধান্তত উপনীত হােৱা শ্রদ্ধেয় ৰমাকান্ত দাস বৰপেটা জিলাৰ বহৰি গাঁৱত জন্ম গ্রহণ কৰিছিল। তেনে পিছ পৰা অঞ্চলত জন্ম গ্রহণ নকৰা হ'লে তেখেতৰ স্থান বহু ওপৰত থাকিলহেঁতেন। এনে সমাজৰ প্রতিভাবান লােক দৰিদ্ৰতাৰ কবলত পৰিব লগা নহ'লহেঁতেন। আজি সমাজত সুস্থ বুদ্ধিজীৱিৰ অভাৱ।

 বৰেণ্য ব্যক্তিৰ অভিধা হ’ল বিকশিত বেলিৰ নিচিনা। বিতুষ্ট আৰু বিতৰাগীসকলৰ বাৰণৰ ব্যৱস্থা। বর্তমান বিশ্বৰ বিশালতাৰ বিষম বেমেজালিত অভিধাহীন Etymology less Education শিক্ষা পােৱা সকল অতীষ্ঠ হৈ বাৰণৰ পথ বিচাৰিছে। এই অভিধা পথ অবিহনে আন কোনাে সুচল পথ নাই।