উমেশ বৈশ্যৰ স্মৃতিৰ পাপৰি
বীৰেন্দ্ৰ কুমাৰ নাথ
ধনতোলা,নলবাৰী
গুৱাহাটীৰ পল্টনবজাৰ। ইয়াৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত এটি
প্ৰাইভেট ছাত্ৰাবাস, নাম ‘ইউনিয়ন হোষ্টেল’। বন্ধুবৰ এল কে ভট্টাচাৰ্য্য, এইচ
এন দত্ত, পি চি কলিতা আৰু লেখক বহু মাহ ধৰি উক্ত মেছৰ বাসিন্দা। প্ৰায়
সন্ধিয়া বাজি উঠে সংগীতৰ সুৰ। এনেতে হঠাৎ এদিন উপস্থিত হয় বগা, ওখ-
পাখ সুন্দৰ সুঠাম দেহধাৰী এজন বন্ধু।‘মোক বাদ দি আপোনালোকে দেখিছোঁ
প্ৰায়ে মজলিছ কৰি থাকে। মোকো তানপুৰাটো অলপ দিয়কচোন’বুলি কৈ চা...
শব্দ উচ্চাৰণ কৰিলেহে মাত্ৰ পৰিবেশটি কাঁহ পৰি জীণ যোৱা যেন হ’ল। এটি
সুন্দৰ ধ্ৰুপদী সংগীত গাই শুনালে। তবলা সংগত কৰিলে এইচ এন দত্তই।
তেওঁৰ কণ্ঠস্বৰে আমাৰ সকলোকে আপ্লুত কৰিলে। সেইজনেই আছিল উমেশ
বৈশ্য যাৰ স্মৃতি হয়তো আজিও পাহৰিব পৰা নাই।
১৯৩৯ চনৰ ৩ অক্টোবৰত এইজন সুলক্ষণীয় লোকেই জন্মগ্ৰহণ কৰিলে
বালিলেছাধাম নিবাসী বন্তিম বৈশ্য আৰু পবিত্ৰপ্ৰিয়া বৈশ্যৰ ঘৰত। এদিন
দুদিনকৈ সময় বাগৰিল। ১৯৫২ চনত বালিলেছা মজলীয়া স্কুলৰ পৰা জলপানি
সহকাৰে এম ভি ফাইনেল পৰীক্ষাত উত্তীৰ্ণ হৈ দেবীৰাম পাঠশালা (হাইস্কুল)ত
নাম ভৰ্তি কৰিলে যদিও ছয়মাহ পিছতে নলবাৰী গৰ্ডন হাইস্কুলতহে পঞ্চম
শ্ৰেণীৰ পৰা নিগাজীকৈ পঢ়িবলৈ ললে। ইয়াৰ পিছত তেওঁ পৰ্যায়ক্ৰমে ৫৯
চনত সুখ্যাতিৰে গৰ্ডন হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাৰ দেওনা পাৰ হোৱাৰ
লগতে '৬২ চনত নলবাৰী কলেজৰ পৰা আই এছচি পৰীক্ষাত উত্তীৰ্ণ হয়।
এইখিনি অৱসৰতে গুৱাহাটী নিবাসী সুধীৰ চৌধুৰীৰ ওচৰত শাস্ত্ৰীয় সংগীত
শিক্ষাৰো পাতনি মেলে। অৰ্থৰ অভাৱৰ তাগিদাত এনে সময়তে তেওঁ বৰিদতৰা
হাইস্কুলতো অস্থায়ী শিক্ষক হিচাবে সহকাৰী শিক্ষকতাৰ কাৰ্য কৰিবলৈ বাধ্য
হৈছিল। একাগ্ৰতা থাকিলে কোনো অসুবিধাই কাৰো উন্নতিৰ পথত হেঙাৰ
স্বৰূপে থিয় দিব নোৱাৰে। চেষ্টাৰ অসাধ্য একো নাই। অক্লান্ত পৰিশ্ৰমৰ মাজেৰে