পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬১
অন্যান্য (শােক প্রস্তাৱ, চিঠি-পত্র, বংশাৱলী ইত্যাদি)

শোকসভা

 গুৱাহাটী, ৩ আগষ্ট ⵓ যোৱা দুই আগষ্টত ‘অন্তৰংগ’ কাব্যানুষ্ঠানৰ সভাপতি বিনয়কৃষ্ণ দেৱশৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ, শিল্পী, সাহিত্যিক তথা অন্তৰংগৰ অন্যতম সদস্য উমেশ চন্দ্ৰ বৈশ্যৰ বিৰুবাৰীৰ নিজা বাসভৱনত যোৱা এক আগষ্টৰ পুৱা ৮- ৪৫ বজাত হোৱা অকাল বিয়োগত সভাৰ সমূহ কাব্যপ্ৰেমীয়ে গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।●

৪/৮/৯৮ত প্ৰকাশিত।


 গুৱাহাটীঃ বিৰুবাৰী শাখা সাহিত্য সভা, গাওঁ উন্নয়ন সমিতি আৰু সন্মিলিত নাট্য গোষ্ঠীৰ যুগ্ম শোক সভাই বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ, সুসাহিত্যিক, গীতিকাৰ উমেশ চন্দ্ৰ বৈশ্যৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ শান্তিৰ অৰ্থে প্ৰাৰ্থনা জনাই শোকাকুল পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।●

৮/৮/৯৮ত প্ৰকাশিত।