পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭১
অন্যান্য(শোক প্ৰস্তাৱ, চিঠি-পত্ৰ, বংশাৱলী ইত্যাদি)


(প্ৰয়াত উমেশ বৈশ্যই পিতাকলৈ লিখা চিঠি)

লৈ গৈ তাৰপৰা প্ৰায় আধা মাইল যমুনা নদীৰ বুকে বুকে নাওৰে গৈ গঙ্গা, যমুনা আৰু সৰস্বতীৰ মিলন স্থান ত্ৰিবেণী সঙ্গমত স্নান কৰিলোঁ। তাৰপৰা আহি যোৱাকালি গোটেই ৰাতি ৰেলেৰে আহি আজি দুপৰীয়া ২-৩০ বজাত মহাৰাষ্ট্ৰ পাইছোঁহি। ষ্টেচনত নামিয়েই ঘোঁৰাগাড়ীৰে সেৱাশ্ৰমলৈ আহিছোঁ। মই এতিয়া সেৱাশ্ৰমত বহি আপোনালৈ চিঠি লিখি আছোঁ। এই সেৱাশ্ৰম পাতিছিল মহাত্মা গান্ধীয়ে। ইয়াত মহাত্মা গান্ধী থকা ঘৰ, বিচনা-পত্ৰ, কস্তুৰীবাঈ থকা ঘৰ আদি চাই ভাল লাগিছে। আজি সন্ধিয়াৰ প্ৰাৰ্থনা সভাত আমি যোেগ দিয়াৰ সৌভাগ্য ঘটিল। এই আশ্ৰমত কানাডা, হাঙ্গেৰী আদিৰ পৰা অহা কেইবা গৰাকী লোকক লগ পাইছোঁ। ইয়াত ২ দিন থাকি আমি বোম্বাইলৈ যাম। বোম্বাইৰ পৰা আকৌ চিঠি লিখিম।

 ভ্ৰমণৰ ভিতৰতে মোৰ ঘৰলৈ মনত পৰি আছে। যিমান পাৰি সোনকালে চাবলগীয়া ঠাইখিনি চাই ঘৰলৈ যোৱাৰ চেষ্টাত আছে। গুৱাহাটীত অতুল, ৰমেন, ৰাতুল কেনেদৰে আছে চিন্তা কৰি আছোঁ। ৰাতুল কালীপূজাৰ সময়ত ঘৰলৈ আহিব বুলি কৈছিল। ময়ো আহিব কৈ আহিছিলোঁ। সি যদি ঘৰলৈ আহিছে, বেচি দিন ৰাখিব নেলাগে। পাৰিলে মাকো গুৱাহাটীলৈ গৈ মই নোযোৱা পৰ্য্যন্ত থাকিব কোৱা ভাল হ’ব।

 নিতুল, হেঙুল কুশলে আছেনে? সিহঁতলৈ সঘনে মনত পৰি আছে। সিহঁতৰ কাৰণে লক্ষ্ণৌৰ বনকৰা পাঞ্জাৱী কিনিছোঁ। অতুলৰ কাৰণে পেণ্টৰ কাপোৰ কিনিছোঁ। টকা ৰ’লে পাৰিলে ঘৰৰ সকলোৰে কাৰণে ইয়াৰ পৰা দুই এটা বস্তু নিয়াৰ চেষ্টা কৰিম। গাঁওৰ মানুহক মোৰ শুভ খবৰ জনাব। মিস্ত্ৰি দাদাকো মোৰ সংবাদ জনাব। আজিলৈ ইমানতে এৰিলোঁ। ইতি—

আপোনাৰ মৰমৰ
উমেশ