পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

থকাৰ উপৰিও স্বাস্থ্য প্ৰসঙ্গ, প্ৰশ্নোত্তৰ প্ৰসঙ্গ, বিচিত্ৰ-বাতৰি আদিও থকাটো বাঞ্চনীয়।
 সুৱাগীৰ বিশেষ উল্লেখযোগ্য কথা হ’ল ইয়াৰ তেনেই অনুষ্টুপীয়া মূল্য। কাগজ, ছপা খৰচ আদিৰ উৰ্দ্ধমুখী জুই-ছাই দামৰ পৰিপ্ৰেক্ষিততো ইয়াৰ প্ৰতিখনৰ দাম ১.০০ টকা কৰাটোলৈ চাই অনুমান কৰা টান নহয় যে একমাত্ৰ ব্যৱসায়ী দিশটো ইয়াৰ উদ্দেশ্য নহয়, সাহিত্যৰ জনমুখী বহুল প্ৰচাৰ ইয়াৰ মূল উদ্দেশ্য, যিটো সাধাৰণতে অসমীয়া সাহিত্যত দেখা নেযায়। সুৱাগীৰ এই প্ৰচেষ্টা সফল হওঁক, এয়ে কামনা।