পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭১
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন



এখন ভাল লগা কিতাপ
উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’

বীনা বৰুৱা

শান্তিপুৰ, ৰঙিয়া

 এখন ভাল লগা কিতাপ ‘প্ৰগতিৰ গান’ৰ কথাকে ক'ব খুজিছো। কিতাপ বহু ধৰণৰ থাকে। কোনোবাখন কিতাপে হৃদয় স্পৰ্শ কৰিব পাৰে, কোনোবাখন কিতাপে নোৱাৰে। বিশেষকৈ কবিতা তথা গানৰ কিতাপে হৃদয় স্পৰ্শ কৰিব পৰা কবি বা গীতিকাৰ গৰাকী নিশ্চয় বিশেষ গুণৰ অধিকাৰী। কিছুমান কিতাপৰ বেটুপাতৰ নামটোৱেই বিশেষ আকৰ্ষণ কৰে। মোৰ ক্ষেত্ৰতত ঠিক তেনেকুৱাই হ’ল। প্ৰগতিৰ গান নামটো পঢ়িয়েই কিতাপখনৰ ভিতৰত কি আছে পঢ়িবলৈ বহু উৎকণ্ঠাৰে কিতাপখন হাতত তুলি লৈ পঢ়িলো। পঢ়ি উঠি অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যৰ কথা মনত পৰি গ'ল।

 আজি অসমখনৰ অশান্ত পৰিবেশটো লিখকে মৰ্মে মৰ্মে উপলব্ধি কৰি যেন লিখিছে—

 “এই শান্তি ৰাখিম আমি
 এই যে আমাৰ পণ
 শান্তি হৰণ কৰিব যিয়ে
 কৰিম তাক নিধন॥”

 লিখকৰ ক্ষোভ কিতাপখনত থকা প্ৰতিটো গানতে স্পষ্ট। এই গানকেইটা ভালদৰে পঢ়িলে দেখা যায় লিখকৰ মনৰ ক্ষোভ তথা অসমীয়া জাতিৰ সন্তানক টোপনিৰ পৰা জগাবলৈ কৰা চেষ্টা তেখেতৰ গানত স্পষ্ট।

 “নিদ্ৰা এৰি উঠা অসমীয়া
 এলাহ আঁতৰাই
 জিলিকাই তোলা জননীৰ মুখ
 পোহৰ ছটিয়াই।”

 সহজ সৰল ভাষা তথা বলিষ্ঠ শব্দৰে ‘প্ৰগতিৰ গান’ কিতাপখনৰ প্ৰতিটো