পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

মজিয়াখন ধুই-পখালি নিকা কৰিবলৈ কাৰােবাৰ পৰা জানাে আদেশ ল'ব লাগে ? ঘৰৰ লেতেৰা মজিয়াখন পৰিস্কাৰ কৰােতে যেনেকৈ কোনেও কাকো ক’ব নালাগে দেশখনাে আৱৰ্জনামুক্ত কৰিবলৈ কোনেও কাকো ক'ব নালাগে। এয়া প্রতিজন দেশবাসীৰেই পবিত্র দায়িত্ব আৰু নিজৰ কৰ্তব্য বুলি ভবা উচিত।

 যুগ পুৰুষােত্তমৰ এষাৰি মহান বাণীলৈ মনত পৰিছে— “তুমি তােমাৰ নিজৰ, দহৰ আৰু দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ মঙ্গলৰ কাৰণে দায়ী”। এই ভাব প্রতি-প্রত্যেকৰে অন্তৰত জাগিব লাগে। এজন প্রাচীন ভাৰতৰ কবিৰ এষাৰি অমৃত বাণী—

“না বলিতে কাজ বুঝিয়া যে কৰে
সেই সে সেৱক নাম”

 —দেশৰ নেতা বা দেশসেৱক হ’বলৈ হলে এনে মনােভাৱৰহে হ'ব লাগে।

 বৈশ্যদেৱে দেশ-সমাজৰ সেৱক-নেতাসকলৰ মাজত সেৱকৰ মনােভাৱ নেদেখি হতভম্ব হ’ল। কিন্তু... হতাশ নহ'ল। কবি গুৰুৰ ভাষাত—

“যদি তােৰ ডাক শুনে কেউ না আসে
তবে একলা চল ৰে”

 —তেওঁ অকলেই সমাজ, দেশৰ কল্যাণ সাধন আৰু সংস্কাৰ কৰিবলৈ দৃঢ় প্রতিজ্ঞ হ’ল। অস্ত্র হিচাপে হাতত তুলি ল'লে কলমটি -কাৰণ তীক্ষ্ম ধাৰৰ লেখনিতকৈ, তৰােৱালৰ ধাৰ বেছি হ'ব নােৱাৰে। সেয়েহে তেওঁৰ কলমৰ পৰা নিগৰি আহিল, জাউতিযুগীয়া অমৰ সৃষ্টি “প্ৰগতিৰ গান”, “অশান্ত জন্মভূমি, “তই যুক্তি যুদ্ধ কৰ” আৰু ভালেমান ৰচনাৱলী। “প্ৰগতিৰ গান”ক উৎসর্গ কৰিলে—

“মুকুতি যুঁজত ৰঙাফুল হৈ
মাতৃভূমিক চুমি
প্রাণ আহুতি দিয়া
বীৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত”।

 “প্রগতিৰ গান”ৰ মাজেৰে সুন্দৰৰ পূজাৰী শিল্পীদলকো উদাত্ত কণ্ঠেৰে আহ্বান কৰিলে—

“কলুষ কালিমা ধুই নিকা কৰি
সুন্দৰ শিল্পীদল