পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৩
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


লাচিতৰ আদৰ্শ আমাৰ হাতত
মূলাৰ আদৰ্শ আমাৰ আগত
গান্ধীৰ আদৰ্শ আমাৰ শিৰত
সেই আদৰ্শত দীক্ষিত হৈ
বীৰদৰ্পে যুঁজি লভিম বিজয়।

 (১০) দেশৰ অনিষ্টকাৰী সকলো অপশক্তিৰ বিৰুদ্ধে যুঁজিবলৈ আৰু প্ৰয়োজন হলে আত্মবলিদান দিবলৈও দেশৰ নতুন পুৰুষ সংকল্পবদ্ধ হৈছে। নতুন পুৰুষ তথা ডেকাসকল পছোৱা বতাহৰ দৰেই প্ৰচণ্ড শক্তিশালী হৈ দেশৰ আৱৰ্জনা, পূতিগন্ধময়তা আঁতৰাই দেশ নিকা কৰাৰ বাবে ডেকাসকলে পণ কৰিছে। দেশৰ অনিষ্টকাৰী দুবৃত্তবোৰক নিধন কৰাৰ বাবে শৰীৰত শেষ বিন্দু তেজ থকালৈ আৰু প্ৰয়োজন হলে দেশৰ হকে হাঁহিমুখে প্ৰাণ আহুতি দিবলৈ ডেকাসকল সংকল্পবদ্ধ—

সেই দুৰ্বৃত্ত নিধন যজ্ঞত
যদি হয় প্ৰয়োজন
দিম হাঁহি হাঁহি আত্মবলিদান।

 (১১) দেশৰ গুৰিয়ালসকলে দেশৰ প্ৰগতিৰ হকে কাম কৰাৰ নামত হিতাহিত জ্ঞান বিসৰ্জন দি, আদৰ্শ পাহৰি, নৈতিকতা পাহৰি কাম কৰে, চলে- বলে গুৰুবাক্য আওকাণ কৰি লোভৰ বশৱৰ্তী হৈ, ভুল পথে পৰিচালিত হৈ দেশৰ অৱনতি ঘটোৱা দৃশ্য গীতিকাৰজনৰ অসহনীয় হৈ পৰাৰ অনুভূতি ইয়াত প্ৰকাশ পাইছে—

গুৰুৰ বাণী আওকাণ কৰি
ভুল পথে গলোঁ আমি
প্ৰগতিৰ নামত হ’ল অধোগতি
মানৱতা দিলোঁ বলি।

 (১২) ঘৰ দৃঢ় ভেটিত নিৰ্মাণ নহ'লে অচিৰে ভাঙি পৰাৰ ভয় থকাৰ দৰে সমাজৰ বুনিয়াদ বা ভেটি সবল কৰিব নোৱাৰিলে ‘সমাজ কাৰেং’ অৰ্থাৎ ৰাজকাৰেঙৰ দৰে দৃঢ়, উন্নত, চালে চকুৰোৱা সমাজ নিৰ্মাণ হ’ব নোৱাৰে। সমাজ নিৰ্মাণৰ এই ভাৱত গীতিকাৰজনৰ সকলো সমান কৰাৰ সমাজবাদী আদৰ্শ প্ৰকাশ পাইছে। দুৰ্বল ভেটি বা দুৰ্বল গাঁথনিৰ সমাজ ধ্বংস হোৱাৰ কথা গীতিকাৰজনৰ ভাষাত-