পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

 পৃথিৱীত কোনাে ব্যক্তিয়ে অকলে জীয়াই নাথাকে। পাৰস্পৰিক নিৰ্ভৰশীল পদ্ধতি এটাৰ ব্যক্তি হ’ল অন্যতম সমল। ঠিক কৰ্মৰ দ্বাৰা ব্যক্তিয়ে মানৱ কল্যাণ বৃদ্ধি কৰে, নহয় হ্রাস কৰে। বৰ্তমানৰ বাবেও, চিৰদিনৰ বাবেও।

 উমেশ : উ+ম+এ+শ। প্ৰতিটো আখৰৰ ধ্বনিগত অর্থ— উ- মঙ্গলময়, ম-প্রকাশ, এ- স্মৃতি, শ-সমৃদ্ধি অর্থাৎ মঙ্গলময় স্মৃতিৰ সমৃদ্ধি প্রকাশেই উমেশ।

 ম+ঙ+গ+ল+ম+য় = মঙ্গলময় শব্দৰ অর্থ—ম-প্রকাশ, ঙ- বিষয় ইচ্ছা, গ- গতি, ল-শ্রেষ্ঠ, ম- স্রষ্টা, য়- কার্য অর্থাৎ স্রষ্টাৰ শ্ৰেষ্ঠ কার্যৰ গতিশীল বিষয় ইচ্ছাই মঙ্গলময়।

 চৌষষ্ঠি কলা বিদ্যাৰ ভিতৰত ‘ন বিদ্যাত সংগীতাতপৰা’ অর্থাৎ উচ্চাঙ্গ সংগীতৰ সমান কোনাে বিদ্যাই শ্রেষ্ঠ নহয়। এই বিদ্যা শিক্ষাৰ সুযােগ পালে ‘গীতশ্রী সঙ্গীত বিদ্যালয়’ৰ চৈয়দ জমিৰউদ্দিন আহমেদ ছাৰৰ ওচৰত। সেই সময়ত এখন সদৌ অসম ভিত্তিত ৰচনা প্রতিযােগিতাত দ্বিতীয় স্থান লাভ কৰে আৰু সাহিত্যৰ প্রেৰণাই বৈশ্যক জনসমাজত জনপ্রিয় কৰি তােলে।

 গর্ডন হাইস্কুলৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাৰ দেওনা পাৰ কৰে। আই.এছ.চি. পাছ কৰি অৰ্থৰ অভাৱত বি.এছচি. পঢ়াৰ পৰা বঞ্চিত হয়। কিন্তু বি.এ. পাছ কৰে। ইখন সিখন স্কুলত কাম কৰি গুৱাহাটীত আহি এম.এ. পঢ়াৰ সুযােগ লয়।

 এনে সময়ত আমাৰ ছাত্ৰীবাৰী মেচত সাক্ষাৎ ঘটে। মানুহৰ যে বিষয়ৰ প্রতি ইমান আগ্রহ হ'ব পাৰে এই কথাটো ভবাই নাছিলোঁ। কেৱল আগ্রহেই নহয়, নিষ্ঠাৰে কৰ্ম কৰে, তাৰ প্রতি আকৃষ্ট হ’লাে। বিধিৰ বিধানে এই প্ৰৱল আগ্রহক ঠন ধৰালে একেলগে গান্ধীবস্তিত থকাৰ সুযােগ পালাে।

 দুয়াে ষ্টেডিয়ামৰ কাষৰ কবৰখানাত শিলত বহি সাহিত্য, দর্শন, সমাজ নীতি, শিক্ষানীতিৰ আলােচনা কৰে। বহু মাহ পৰ হৈ গ'ল। ইয়াৰ পিছত ৰিহাবাৰীত থাকিবলৈ সুযােগ পােৱাৰ পিছতেই দুয়াে শ্ৰীযুত বীৰেন ফুকন ছাৰৰ তাত শাস্ত্রীয় সংগীতৰ শিক্ষা লােৱাৰ সুযোেগ পালোঁ।

 ৰিহাবাৰীত সুদীর্ঘ তিনি বছৰ অতিবাহিত কৰাৰ সময়ত মহীয়সী নাৰী শ্ৰীযুত দেবেন তালুকদাৰৰ পৰিবাৰে দয়া-শ্ৰদ্ধাৰ প্রতীক ৰূপে বহুদিন মাতৃৰ দৰে সেৱা আগবঢ়াইছিল। আমি তিনিও (প্রয়াত বৈশ্য, প্রয়াত গৌৰী দত্ত আৰু মই) বহুক্ষেত্ৰত উদাসীন। প্রয়াত বৈশ্যৰ তেতিয়া আর্থিক বৰ দুৰ্বল আছিল। তথাপি চাৰিজন ভাইক লগত ৰাখি পঢ়োৱাৰ ব্যৱস্থা কৰিছিল। সৰুজন শ্রীমান