পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৯
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন


গীতিকাৰ উমেশ বৈশ্যৰ ‘প্ৰগতিৰ গান’ :
 এটি অৱলােকন

দীনেশ নাথ
ৰূপনগৰ, গুৱাহাটী

 দেশ, জাতি, সমাজ, কোনাে অনুষ্ঠান অথবা ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আগুৱাই যােৱাৰ যি লেখ বা জোখ দিয়েই প্রগতি। ভাৱ-ভাষাৰ মাধ্যমত সুৰ সম্বলিত আৱেগ-অনুভূতি প্রকাশেই সাধাৰণ অৰ্থত গীত বা গান। সেই দিশৰ পৰা গান এক অর্থবহ সৃষ্টি। কেতিয়াবা এই ‘গান’ কথাষাৰ অর্থহীন বা লঘু ভাবতাে মানুহে প্রয়ােগ কৰাৰ প্ৰয়াস কৰা দেখা যায়, যথা— ‘তুমি এইবােৰ কথা কৈছা নে গান গাইছা?’ এই বাক্যটিত ‘গান’ কথাষাৰক লঘু বা অর্থহীন কেতবােৰ উক্তি বুলি প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হৈছে।

 গীতিকাৰ বৈশ্যৰ ‘প্ৰগতিৰ গান’ কিন্তু সেই জাতীয় লঘু প্রকাশ বা উক্তি নহয়। সুৰৰ সাধক গীতিকাৰ জনাই ‘প্রগতিৰ গান’ শীর্ষক পুথিখনত ৪৭টা গীত সন্নিবিষ্ট কৰিছে। এই গীতসমূহৰ মাজেৰে গীতিকাৰ জনাৰ গভীৰ দেশপ্ৰেমৰ অনুভূতি প্রকাশ কৰিছে। দেশ, জাতি, সংস্কৃতিৰ প্ৰগতিৰ আকাংক্ষা গীতসমূহৰ সামগ্রিক বিষয়বস্তু। প্ৰায়ভাগ গীতৰ জৰিয়তে গীতিকাৰ জনাই দেশ-জাতি, ভাষা-সংস্কৃতিৰ প্ৰগতিৰ হকে মাৰ বান্ধি কাম কৰাৰ বাবে দেশবাসীক আহ্বান জনাইছে। গীতবােৰৰ কোনাে কোনােটোৰ যােগে গীতিকাৰ জনাই অতীত গৌৰৱ সোঁৱৰণ কৰিছে, অতীতৰ গৌৰৱােজ্জ্বল দিনবােৰৰ প্রতি শ্রদ্ধা প্ৰকাশ কৰিছে। সামগ্রিকভাৱে ‘প্ৰগতিৰ গান’ দেশপ্রেমমূলক গীতৰ এটি সংকলন। পুথিখনত সন্নিৱিষ্ট হােৱা ৪৭টা গান তথা গীতৰ যােগে গীতিকাৰে প্রকাশ কৰা ভাৱৰ এটি চমু আভাষ আমি গীত অনুযায়ী দিয়াৰ প্ৰয়াস কৰিছো।

 (১) অতি প্রাচীন কালৰেপৰা নানা জাতি-জনজাতিৰ সোঁত বৈ আহি লুইতৰ পাৰত সমবেত হৈ বাৰে-বৰণীয়া সংস্কৃতিৰে গঠিত হৈছে অসমীয়া জাতি। নানা জাতি-জনগােষ্ঠীয়ে নিজৰ নিজৰ সংস্কৃতিৰে এখন ফুলনিৰ দৰে