অনুজ উমেশ বৈশ্যৰ স্মৃতিত
ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য্য
নবগিৰি পথ, গুৱাহাটী-৩
অবিভক্ত কামৰূপ জিলাৰ নলবাৰী অতীজৰ পৰা সংস্কৃত শিক্ষাৰ কেন্দ্ৰ ৰূপে ‘অসমৰ নৱদ্বীপ’ বুলি জনাজাত। এই নলবাৰী নগৰিকাৰ পৰা তিনি মাইল দক্ষিণ-পূবৰ বালিলেছা নামে ঐতিহ্যপূৰ্ণ গাঁৱত দক্ষিণাকালীৰ বিগ্ৰহ সমন্বিতে কালীমন্দিৰ এতিয়াও জাগ্ৰত গোসাঁনী ৰূপে পূজিত-অৰ্চিত হৈয়ে আছে। এই গাঁৱতে শতাধিক বছৰৰ আগেয়ে বালিলেছা প্ৰাথমিক বিদ্যালয় স্থাপিত হৈছিল। এই বালিলেছাৰ কাষৰে দিঘেলী গাঁৱত মোৰ জন্ম হৈছিল ১৯২৫ চনত আৰু ময়ো বালিলেছা প্ৰাথমিক বিদ্যালয়ত পাঁচ বছৰ পঢ়ি ১৯৩৪ চনত প্ৰাথমিক বৃত্তি লাভ কৰিছিলোঁ আৰু তাৰ পিছত নলবাৰী মজলীয়া বিদ্যালয় আৰু নলবাৰী গৰ্ডন হাইস্কুলত পঢ়ি ১৯৪৩ চনৰ পৰা উচ্চ শিক্ষা তথা কৰ্ম সংস্থানৰ বাবে গুৱাহাটী পালেহি। অনুজ উমেশ বৈশ্যৰ জন্ম ১৯৩৯ ইং চনত আৰু তেওঁ মোতকৈ চৈধ্য বছৰে সৰু। সেই ফালৰ পৰা তেওঁ মোৰ চতুৰ্থ জনা ভাইৰ সমবয়সীয়া। তেওঁৰ পিতৃ প্ৰয়াত বন্তিৰামক মই ভালকৈয়ে জানিছিলোঁ আৰু সৰু কালিতে তেওঁলোকৰ সৈতে আমাৰ অহা-যোৱা, ঘৰুৱা সম্বন্ধ আছিল।
বহাগৰ ৭ তাৰিখে বালিলেছাৰ ভথেলী উৎসৱ (বহাগী মেলা) আৰু মাঘৰ দোমাহীত বালিলেছাৰ সভা বালিলেছা কালী মন্দিৰৰ পথাৰত মহা সমাৰোহেৰে অনুষ্ঠিত হোৱাৰ স্মৃতিবোৰ মানস পটত ভাঁহি উঠিছে। আমাৰ সেই ব্ৰিটিছ যুগীয়া শিক্ষা, সমাজ, যাতায়ত তথা সমাজ ব্যৱস্থাৰ নলবাৰী অঞ্চলৰ সৈতে বৰ্তমানৰ অৱস্থাৰ কথা কাহিনী ৰিজালে স্মৃতিকাতৰতাই উদ্বাউল কৰে।
নিম্ন মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰি বহুতো ‘দুখ-বেদনা-নিৰ্যাতন’ৰ মাজেদি ডাঙৰ-দীঘল হৈ নলবাৰীতে স্নাতক উপাধি লাভ কৰি কল্যাণীয় উমেশ বৈশ্যই গুৱাহাটীলৈ আহি স্নাতকোত্তৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰম আৰু বি-টি প্ৰশিক্ষণ লৈ ৰিহাবাৰীৰ বাণীকান্ত সোঁৱৰণী ছোৱালী উচ্চতৰ