পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৫
উমেশ বৈশ্যৰ সৃষ্টি কৰ্মৰ মূল্যায়ন

 বৈশ্যদের প্রকৃত দেশ-সমাজৰ সেৱক আছিল। তেওঁৰ ৰচনাৰাজিৰ ছত্রে ছত্রে দেশপ্রেমৰ উতলা সুৰ উথলি উঠাৰ উমান প্রত্যেকেই অনুভৱ কৰিব। তেওঁৰ বিষয়ে লেখি শেষ কৰিব নােৱাৰি। এজন জ্ঞান-সমৃদ্ধ বিদ্বান হৈও, জীৱনৰ জীৱিকাৰূপে তেওঁ শিক্ষকতাকে বাচি ল'লে। কাৰণ তেওঁ মর্মে মর্মে উপলব্ধি কৰিছিল যে ক্ষিকসকলেই একোটা জাতিৰ মেৰুদণ্ড। এজন প্রকৃত শিক্ষকৰ পৰা শিক্ষা গ্রহণ কৰি একো একোজন ছাত্র-ছাত্রীয়ে বিদ্যালয়ৰ দেওনা পাৰ হৈ জীৱনৰ বৃহৎ কর্মক্ষেত্ৰলৈ ওলাই আহে - যি সকলে দেশৰ ভৱিষ্যৎ নাগৰিক হৈ দেশ-সমাজক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰু দায়িত্ব বহন কৰিবৰ বাবে সক্ষম হৈ উঠে।

 সেয়েহে তেওঁ আর্থিক দৈন্যৰ মাজতাে নিজকে কষ্ট-ত্যাগৰ কষটি শিলত ঘঁহি-পিহি, উপযুক্ত শিক্ষকৰূপে নিজকে গঢ়ি তুলিছিল।

 বৈশ্যদেৱে ৰচি থৈ যােৱা গীতসমূহে অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাদেৱৰ ৰচিত গীতসমূহলৈ মনত পেলাই দিয়ে। তেওঁৰ ৰচিত গীতবােৰ যেন অন্তৰৰ অটল তলিৰ পৰা ওলােৱা, স্বদেশ প্ৰেমৰ সুবাসেৰে সুবাসিত, কালজয়ী গীত। যিবােৰ গীতক কালৰ কোবাল সোঁতেও উটাই নিব নােৱাৰিব। যাউতিযুগীয়া হৈ মানুহৰ মুখে মুখে বাগৰি যাব। উমেশ বৈশ্যদেৱ আছিল এনে এজন গুণী-জ্ঞানী, সমাজহিতৈষী কৃতী শিক্ষক। তেনে এজন সর্বগুণসম্পন্ন ব্যক্তিৰ বিষয়ে লেখিবলৈ যােৱাটো আমাৰ দৰে নগণ্য লেখিকাৰ ধৃষ্টতা মাত্র। তথাপিও, ধন্য মানিছাে এইবাবেই যে, তেওঁৰেই মাজু পুত্র শ্রীমান শেখৰজ্যোতিয়ে আমাৰ অক্ষম লেখনিৰে দেশপ্রেমিক বৈশ্যদেৱৰ বিষয়ে কিঞ্চিৎ লেখিবলৈ সুযােগ দিয়াৰ বাবে। কিন্তু আমাৰ মনৰ ভাব— তেওঁৰ ৰচনা শৈলীকে সাৰথি কৰি তেওঁৰ বিষয়ে লিখাতাে গঙ্গাৰ জলেৰে গঙ্গাৰ পূজা কৰা ধৰণৰহে হ’ল। আমাৰ অপৈণত হাতৰ লিখনিত হয়তাে অজস্র ভুল-ভ্রান্তি ৰৈ যাব পাৰে। সেইবােৰে যেন তেওঁৰ অম্লান জ্যোতিৰ তিলমানাে ক্ষুন্ন নকৰে।

 প্রয়াত উমেশ বৈশ্যদেৱৰ মহান ব্যক্তিত্বৰ প্রতি শ্রদ্ধা জনাই অৱশেষত লেখনিটিৰ সামৰণি মাৰিব খুজিছাে কবিগুৰুৰ এফাঁকি কবিতাৰে—

“তােমাৰ কীৰ্তিৰ চেয়ে তুমি যে মহৎ
তায়-তব জীৱনেৰ ৰথ
পশ্চাতে ফেলিয়া যায়