পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্রয়াত উমেশ বৈশ্য


সহপাঠী বন্ধু উমেশ চন্দ্ৰ বৈশ্যঃ
মই জনা মানুহজন

ড° বসন্ত কুমাৰ ভট্টাচাৰ্য
বিদ্যাপুৰ, নলবাৰী

 ছাত্ৰাৱস্থাত মই যিসকল বন্ধুক সহপাঠী স্বৰূপে পাইছিলোঁ আৰু যিসকল সহপাঠী মোৰ চেতনাৰ অংগ হৈ পৰিছিল, সেইসকলৰ ভিতৰত প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য (উমেশ বৈশ্য)ৰ স্থান নিঃসন্দেহে আগশাৰীত। খ্ৰী. ১৯৫৫ চনত, সাম্প্ৰতিক নলবাৰী জিলাৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী বানেকুছি এম.ই. স্কুলৰপৰা এম.ইৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ নলবাৰীৰ গৰ্ডন হাইস্কুল (বৰ্তমান হায়াৰ চেকেণ্ডাৰী)ৰ সপ্তম শ্ৰেণীত ভৰ্তি হোৱাৰ দিনাৰে পৰা খ্ৰী. ১৯৬৬ চনত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ চূড়ান্ত বৰ্ষৰ অন্তিম শ্ৰেণীটোত বহি শিক্ষাগুৰুৰপৰা পাঠ গ্ৰহণ কৰা দিনটোলৈকে (মাজতে এবছৰমান কালৰ বাহিৰে) উমেশ বৈশ্য মোৰ সহপাঠী আছিল আৰু শ্ৰেণী কক্ষত সঘনাই একেখন বেঞ্চত আৰু মাজে সময়ে অগা-পিছাকৈ বহি শিক্ষাগুৰুসকলৰ পাঠদান গ্ৰহণ কৰিছিলোঁ।

 গৰ্ডন স্কুলত পঢ়া কালছোৱাত উমেশ বৈশ্য মেধাবী ছাত্ৰ হিচাপে চিহ্নিত হৈছিল আৰু স্কুলৰ তদানীন্তন প্ৰধান শিক্ষক প্ৰয়াত মণিৰাম দাস ছাৰকে ধৰি সমূহ শিক্ষাগুৰুৱে তেওঁক মৰম কৰিছিল। তদুপৰি সহপাঠীসকলৰ বাহিৰেও অন্যান্য ছাত্ৰৰো তেওঁ হিয়াৰ আমঠু স্বৰূপ হৈ পৰিছিল। উমেশ বৈশ্যৰ জন্ম গাঁও বালিলেছা (নলবাৰী)। তেওঁ বালিলেছা মজলীয়া বিদ্যালয়ৰপৰা সুখ্যাতিৰে চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ খ্ৰী. ১৯৫৩ চনত গৰ্ডন স্কুলৰ পঞ্চম শ্ৰেণীত ভৰ্তি হৈছিল। গতিকে তেওঁ মোতকৈ দুবছৰ অধিককাল গৰ্ডনিয়ান হোৱাৰ সুযোগ লাভ কৰিছিল। খ্ৰী. ১৯৫৯ চনত আমি প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত মই কটন কলেজ (গুৱাহাটী)ৰ আই.এছচি শ্ৰেণীত ভৰ্তি হওঁগৈ আৰু তেওঁ নলবাৰী কলেজত আই.এছচি পঢ়িবলৈ লয় আৰু তাৰ পিছত খ্ৰী. ১৯৬৪