পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


শ্ৰদ্ধেয় প্ৰয়াত উমেশ বৈশ্যদেৱৰ স্মৃতিত

বিদ্যুৎজ্যোতি ভড়ালী
ৰিহাবাৰী, গুৱাহাটী

 প্ৰকৃত শিক্ষক তথা গুণসম্পন্ন ব্যক্তিৰ সান্নিধ্য লাভ কৰাটো পৰম ভাগ্যৰ কথা। কৰ্ম জীৱনৰ আদিতে প্ৰয়াত উমেশ বৈশ্যদেৱৰ সৈতে সহকৰ্মীৰূপে পৰিচয় ঘটিছিল। সহকৰ্মী হলেও বৈশ্যদেৱৰ সমকক্ষ হোৱাটো মোৰ বাবে এক সপোন মাথো। ১৯৯১ চনত বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক ৰূপে যোগদান কৰি নমস্য শিক্ষাগুৰু প্ৰয়াত বৈশ্যদেৱৰ সহযোগী হৈছিলোঁ। প্ৰাক্তন অধ্যক্ষা শ্ৰীযুতা ভুৱনেশ্বৰী মিশ্ৰ বাইদেউৰ সোঁহাত ৰূপে পৰিচিত বৈশ্যদেৱ আছিল এজন সাধাৰণ কিন্তু প্ৰতিভাবান ব্যক্তি। সাধনা আৰু চৰ্চাই আছিল জীৱন পথৰ একমাত্ৰ লগৰী।

জীৱন সংঘাত নেওচি
জলধাৰ সাধনাৰে
বিকশিত কৰিছিলা
তোমাৰ সুপ্ত প্ৰতিভা।

 বৈশ্যদেৱে ১৯৩৯ চনৰ কোনোবা এটা শুভক্ষণত নলবাৰী জিলাৰ বালিলেছা গাঁৱত জন্মগ্ৰহণ কৰিছিল। স্থানীয় বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষা আহৰণ কৰি ১৯৬৭ চনত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অধ্যয়নৰত অৱস্থাৰ পৰাই বিভিন্ন শিক্ষানুষ্ঠানত সাময়িকভাবে শিক্ষকতা কৰি অৱশেষত ১৯৬৬ চনত বাণীকান্ত সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক ৰূপে যোগদান কৰে। কৰ্মময় অৱস্থাতে স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ উপৰি বি.টি. ডিগ্ৰী লাভ কৰে। বিদ্যালয়ত যোগদানৰ সময়ত বাণীকান্ত সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয় অপ্ৰাদেশিক হোৱাৰ বাবে প্ৰথমাৱস্থাত যথেষ্ট কষ্ট কৰিব লগা হৈছিল। অতি উদ্যমী আৰু গুণৱান ব্যক্তি হোৱা হেতুকে বিদ্যালয়ৰ স্থানীয় ৰিহাবাৰী ৰাইজে প্ৰয়াত বৈশ্যদেৱক অতি মৰমেৰে আদৰি