উমেশ বৈশ্য ⵓ এক ব্যক্তি, এক অনুষ্ঠান
ধৰ্মেশ্বৰ পাঠক
বামুণীমৈদান, গুৱাহাটী
বছৰটো বাগৰি গ'ল, প্ৰায় চল্লিশৰো অধিক। বৈশ্যৰ বিষয়ে ক’বলৈ বা লিখিবলৈ মোৰ ভাব আৰু ভাষাও সীমিত। বৈশ্য আছিল মোৰ মানত এক উজ্জ্বল নক্ষত্ৰ। ১৯৬৮ চনত গুৱাহাটীৰ ৰিহাবাৰীস্থিত বাণীকান্ত সোঁৱৰণী ছোৱালী (তেতিয়া) হাইস্কুল, এতিয়া উচ্চতৰ স্কুলত লগ পাইছিলো। আপোনভোলা, অতি সৎ আৰু নিৰহংকাৰী ব্যক্তি হিচাবে তেওঁ আছিল অইন দহজনতকৈ সুকীয়া। এক কথাত বৈশ্য আছিল অজাতশত্ৰু। মই লগ পোৱা সময়ত তেওঁ আছিল বৰলা, আমি পিছে সংসাৰী। মই লগ পোৱাৰ বোধহয় দুবছৰমান পিছত তেওঁ সংসাৰ যাত্ৰা আৰম্ভ কৰিলে। এই যাত্ৰাত আমিও সহযাত্ৰী হলো। দুই পুত্ৰ সহ ময়ো তেখেতৰ বালিলেছা গাঁৱত উপস্থিত হৈ ৰাতি বৰযাত্ৰী হিচাবে ৰঙিয়াত উপস্থিত হওঁ। মোৰ পুত্ৰ দুজনৰ তেতিয়া বয়স ৫/৭ বছৰ। বিয়াৰ পিছদিনাই আমি গুৱাহাটীৰ ঘৰলৈ উভতি আহো। বয়সত আমি প্ৰায় সমসাময়িক। মই বোধকৰো কিছু মাহ বয়সত আগবঢ়া। এইখিনি ব্যক্তিগত কথা এইকাৰণেই কোৱা হ’ল বৈশ্য আছিল মোৰ অতি প্ৰিয় আৰু আপোনজন। পঢ়াশালি সম্পৰ্কীয় বা অন্য বিষয়ে তেওঁৰ সৈতে বহুতো আলোচনা হৈছিল আৰু সেইবোৰ অতি সাৰুৱা কথাৰে পৰিপূৰ্ণ। আগতে উল্লেখ কৰাৰ দৰে বৈশ্য আছিল চিন্তা, কথা আৰু কামত অনন্য। তেওঁৰ সৈতে কথা পাতিলেই তেওঁৰ মনৰ আৰু হৃদয়ৰ ছবিখন স্পষ্ট হৈ পৰে। শিক্ষক হিচাবে বৈশ্য আছিল অতি নিষ্ঠাবান আৰু সুদক্ষ। সেইকালত এম. ভি. আৰু আই. এছচি. আৰু তাৰ পাছত বি. এ., এম. এ. (অসমীয়াত) উত্তীৰ্ণ হৈ শিক্ষকতা কৰা ব্যক্তি খুব কম আছিল। বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলত শিক্ষকতা কৰিয়েই তেওঁ বিটি পাচ কৰিছিল। ইচ্ছা কৰাহেঁতেন তেওঁ চৰকাৰী চাকৰি কৰিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি নিজৰ আদৰ্শত লাগি থাকিল। ইয়াতেই বুজিব পাৰি বৈশ্যৰ আদৰ্শ আৰু উদ্দেশ্য। যি সময়ত আমি বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলত