সাহিত্যৰ খবৰো তেওঁ ৰাখিছিল। মোৰ লেখাবোৰ তেওঁ প্ৰায়ে পঢ়িছিল আৰু
মোক জনাইছিল। অতি অমায়িক লোক। কথা-বতৰা ধীৰ-স্থিৰ। মাৰ্জিত বস্ত্ৰ
পৰিধান কৰিছিল। শিক্ষকৰ গাম্ভীৰ্যতা আছিল তেওঁৰ চৰিত্ৰৰ বিশেষত্ব।
অধ্যয়নশীল, চিন্তাবিদ, গায়ক, লেখক, সমাজকৰ্মী, জীৱন-যোদ্ধা, দেশপ্ৰেমিক,
জ্ঞানী, শিক্ষাবিদ উমেশ বৈশ্যদেৱ আজি আমাৰ মাজত নাই। অকালতে তেওঁ
আমাক এৰি গৈছে। মই বৰ আনন্দ পাইছো তেওঁৰ পত্নী, পুত্ৰহঁতে তেওঁৰ
স্মৃতি ৰক্ষাৰ্থে এখন সোঁৱৰণী গ্ৰন্থ উলিয়াবলৈ যো-জা কৰি মোকো অলপ
লেখি দিবলৈ অনুৰোধ কৰিছিল। তেখেত সকলে সঁচাকৈয়ে স্বামী, পিতৃৰ প্ৰতি
এই যে শ্ৰদ্ধা নিবেদন কৰিছে তাৰ বাবে বাৰুকৈয়ে প্ৰশংসাৰ যোগ্য। বহুতে
স্বামী, পিতৃৰ মৃত্যুৰ এবছৰ পিছতে পাহৰি যায়। কিন্তু বৈশ্যৰ স্মৃতি যুগমীয়া
কৰিবলৈ এই যে সোঁৱৰণী গ্ৰন্থখন প্ৰকাশ কৰিলে— ধন্যবাদৰ পাত্ৰ হৈ থাকিব।
প্ৰয়াত উমেশ বৈশ্যৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেওঁৰ আত্মাই
পৰিয়ালবৰ্গক, সমাজক কৃপা দৃষ্টিৰে চাওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা
জনালো। তেওঁৰ পৰিয়ালৰ প্ৰতিও মই কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ।•
(লেখক এগৰাকী সাহিত্যিক পেঞ্চনাৰ, গল্প ভাস্কৰ, গল্প প্ৰাণ, ৰসানন্দ, অখিল ভাৰতীয়
সাহিত্য পৰিষদৰ সাহিত্য বঁটা প্ৰাপ্ত, গ্ৰন্থকাৰ। মুখ্য সম্পাদক, মাহেকীয়া প্ৰতিশ্ৰুতি।)
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)