লয়। সেই সময়ত হাইস্কুলত বিজ্ঞান শিক্ষকৰ অভাৱ আছিল। বহুতে আই
এছচি পাছ কৰি হাইস্কুলত বিজ্ঞানৰ শিক্ষক হিচাবে নিয়োগ লাভ কৰি কলেজত
পঢ়িছিল। উমেশ বৈশ্য নলবাৰী জিলাৰ বড়িদৰাৰ বিষ্ণুৰাম মেধি হাইস্কুলত
বিজ্ঞানৰ শিক্ষক হিচাবে নিয়োজিত হয়। তাৰ পিছত তেওঁ ক্ৰমে বানেকুছি
হাইস্কুল আৰু পানীগাঁও মিলন হাইস্কুলতো কিছুদিনৰ কাৰণে শিক্ষকতা কৰি
কৰ্ম জীৱনৰ পাতনি মেলে। শিক্ষকতা কৰি থাকিয়ে ১৯৬৪ চনত নলবাৰী
কলেজৰ পৰা বি.এ. পাছ কৰে। বহুতে বি.এ. পাছ কৰি কোনো এখন হাইস্কুলত
শিক্ষকতা কৰি কিছু অৰ্থ সংগ্ৰহ কৰি এম.এ. পঢ়াৰ কাৰণে সাজু হয়।
বি.এ. ডিগ্ৰী লোৱাৰ পিছত তেওঁ কৰ্মস্থানো সলনি কৰে। গুৱাহাটীলৈ গৈ কিছুদিনৰ কাৰণে ডনবস্ক’ আৰু আৰ্য্য বিদ্যাপীঠত শিক্ষকতা কৰাৰ লগে লগে বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে। পিছত তেওঁ ১৯৬৬ চনত গুৱাহাটীৰে বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলৰ পৰা নিয়োগপত্ৰ লাভ কৰি চাকৰিত যোগদান কৰে। শিক্ষকতা কৰি থাকিয়ে ১৯৬৭ চনত এম.এ. ফাইনেল পৰীক্ষাত বহি উত্তীৰ্ণ হয়। কিছু বছৰ পিছত বিদ্যালয়খন উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাত ১৯৯২ চনত বিষয় শিক্ষক হোৱাৰ সুযোগ পায়।
১৯৯৩ চনত উপাধ্যক্ষ আৰু ১৯৯৫ চনৰ ১ এপ্ৰিলৰ পৰা ১৯৯৮ চনৰ ১ আগষ্টলৈ অৰ্থাৎ মৃত্যুৰ দিনলৈ অধ্যক্ষৰ পদত থাকি কাৰ্যনিৰ্বাহ কৰিছিল।
উমেশ বৈশ্য যেতিয়া হাইস্কুলৰ ছাত্ৰ মই বালিলেছা মজলীয়া বিদ্যালয়ৰ প্ৰাথমিক স্তৰত পঢ়ি আছো। বয়সত তেওঁ মোতকৈ ৭-৮ বছৰমানৰ ডাঙৰ হ’ব। সেয়েহে মই তেওঁক শ্ৰদ্ধা কৰিছিলো। দাদা বুলি মাতিছিলো। বয়সত জ্যেষ্ঠ হলেও তেওঁৰ লগত মোৰ সম্পৰ্ক আছিল বন্ধুৰ নিচিনা। লগ পালেই পঢ়াৰ কথা পাতিছিল আৰু ভালকৈ পঢ়িবলৈ উপদেশ দিছিল। তেওঁ অনুজসকলক মৰম-চেনেহ কৰিছিল। পঢ়াৰ ক্ষেত্ৰত কিবা নুবুজা কথা থাকিলে তেওঁৰ ওচৰত গৈ শিকি আহিবলৈ কৈছিল। সেয়েহে মই মাজে সময়ে তেওঁৰ ওচৰত গৈ দুই-এটা কথা শিকি আহিছিলো।
সেই সময়ত গ্ৰামাঞ্চলৰ যাতায়তৰ ব্যৱস্থা খুউব বেয়া আছিল। শিক্ষাৰ ক্ষেত্ৰতো বালিলেছা আৰু ওচৰৰ গাঁওবিলাক সিমান আগবঢ়া নাছিল। বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সৰহভাগ ল'ৰা-ছোৱালীয়ে এল পি বা এম ভি পৰ্যায়তে ছাত্ৰজীৱন সমাপ্ত কৰি খেতিবাতিত মনোনিবেশ কৰিছিল। এই অনুকূল পৰিবেশতো নিজ সাধনাৰ বলত আৰু শিক্ষাৰ প্ৰতি অনুৰক্ত হোৱা হেতুকে