পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৫
অন্যান্য (শোক প্ৰস্তাৱ, চিঠি-পত্ৰ, বংশাৱলী ইত্যাদি)

(ড° ভূপেন হাজৰিকালৈ ৰেজিষ্টাৰ্ড কৰি পঠোৱা চিঠি)

 মই গুৱাহাটীৰ ৰিহাবাৰীৰ বাণীকান্ত সোঁৱৰণী ছোৱালী হাইস্কুলৰ এজন শিক্ষক। আচল ঘৰ নলবাৰীৰ বালিলেছাত। সৰুৰে পৰা সঙ্গীতৰ প্ৰতি এটা ধাউতি আছে। এটা সময়ত প্ৰণালীবদ্ধ ভাবে নলবাৰীৰ ছৈয়দ জমিৰুদ্দিন আহমেদ আৰু গুৱাহাটীত বীৰেণ ফুকনদেৱৰ ওচৰত অলপ অচৰপ গীত-মাতো শিকিছিলোঁ। সেই সময়ছোৱাতে কেইটামান গীত ৰচনা কৰিছিলোঁ। সেইবোৰৰ কেইটামানত সুৰাৰোপ কৰি নিজে নিজে গাইছিলোঁ। ৰবীন দত্তৰ পৰিবাৰ শান্তিশ্ৰী মোৰ ছাত্ৰী, তেওঁলোকৰ ছোৱালী সঙ্গীতাক মই ঘৰত লিখাপঢ়া শিকাইছিলোঁ। প্ৰভাত শৰ্মাই শিকাইছিল সঙ্গীত। তেতিয়াই প্ৰভাত শৰ্মাৰ জৰিয়তে মোৰ গীতখিনি আপোনাক দেখুৱাম বুলি ভাবিছিলোঁ। কিন্তু নানা বিসঙ্গতিত সি হৈ নুঠিল। এতিয়া সেই গীতখিনি পেৰাৰ চুকত পেলাই থৈ দিয়াতকৈ ছপাই উলিয়াবলৈ মনস্থ কৰিছোঁ। ড° হীৰেণ গোহায়ে গীতখিনি চাই দিব বুলি গাত লৈছে। আপোনাৰ পৰাও এটি অভিমত পাম বুলি গীতখিনি ডাকযোগে আপোনালৈ পঠাই দিলোঁ। আশাকৰোঁ পঢ়ি চাই আপোনাৰ বহুমূলীয়া মন্তব্যৰে ইয়াৰ ওপৰত অলপ আগকথা লিখি দি মোক কৃতাৰ্থ কৰিব। আপোনাৰ বহুমূলীয়া সময় তথা ব্যস্ততাৰ মাজত এইখিনি কৰিবলৈ অনুৰোধ কৰা বাবে বেয়া নেপায় যেন। সদৌ শেষত আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। সোনকালে আপোনাৰ দুআষাৰ পাম বুলি বাট চাই ৰলোঁ। ইতি—

আপোনাৰ বিশ্বাসী
আৰু গুণমুগ্ধ
শ্ৰীউমেশ বৈশ্য

মোৰ ঠিকনা—
বিৰুবাৰী।
পোঃআঃ গোপীনাথ নগৰ
গুৱাহাটী-১৬, কামৰূপ (অসম)