ৰাইজক জনালে যে সেই ঘটনাত তেওঁৰ কোনো আখেজ নাই যদিও ঘটনাটো
আছিল এক দুৰ্ভাগ্যজনক। বৰং ৰাইজৰ উদ্দেশ্যৰ প্ৰতি পূৰ্ণ সহযোগিতাৰে এক
উৎসাহজনক ভূমিকা আগবঢ়াইছিল। প্ৰথমবাৰৰ বাবে এনেদৰেই লগ পাইছিলো
বৈশ্য ডাঙৰীয়াক। তেখেতৰ পাণ্ডিত্য আৰু প্ৰতিভাৰ উমান পাই মনে মনে
সুযোগ বুজি লগ ধৰিছিলো আৰু প্ৰতিদিনে নতুন বিষয়বস্তুৰ ওপৰত আলোচনা
হৈছিল।
বছৰচেৰেকৰ পিছত যেতিয়া তেখেত ভাৰপ্ৰাপ্ত অধ্যক্ষ পদত অধিষ্ঠিত হ'ল পৰীক্ষাৰ প্ৰশ্নকাকত পৰিষদ, প্ৰশাসন আদি সন্দৰ্ভত প্ৰায়েই লগালগি হ’বলৈ বাধ্য হৈছিলো। এনে এক অন্তৰংগতাত তেখেতৰ ব্যক্তিগত জীৱনৰ অতীতৰ ঘাত-প্ৰতিঘাতৰ ওখৰা-মোখৰ দিনবোৰ স্পৰ্শ কৰিছিলো। অতীতত ঘৰুৱা শিক্ষকতাৰে কঠোৰ জীৱন-যাপন কৰা ব্যক্তিগৰাকীয়ে নিয়মিত সংগীত সাধনা কৰাৰ উপৰিও আগশাৰীৰ বাতৰি কাকত-আলোচনী আদিত লেখা- মেলা কৰিছিল। সংগীতত থকা দখলৰ বাবে সাপ্তাহিক কাকত এখনত কেইটিমান সংগীত বিষয়ক প্ৰবন্ধ প্ৰকাশ পাইছিল। তেখেতে লিখি থৈ যোৱা গীত, কবিতা, ৰূপক, গল্প, প্ৰবন্ধ আদিৰ কুকিৰ সোৱাদ ল'ব নোৱাৰিলো সঁচা, কিন্তু জানিছিলো যে তেখেতৰ গীত আকাশবাণী গুৱাহাটী কেন্দ্ৰকে ধৰি বিভিন্ন অনুষ্ঠান আদিৰ জৰিয়তে প্ৰচাৰ হৈছিল।
সমাজৰ দলিত গোষ্ঠীৰ পৰা উঠি অহা এই গৰাকী ব্যক্তিয়ে পৰিয়ালৰ অইন ব্যক্তিসকলকো চাবলগীয়া হৈছিল। স্বভাৱগত ভাৱে তেখেত বৰ সৰল আৰু হোজা আছিল। এনেকুৱাও হৈছিল যে তেখেতে লিখা পুথিৰ পাণ্ডুলিপি গীত অইন ব্যক্তিয়ে নি নিজৰ নামত চপাইছিল। এবাৰ বিদ্যালয়ৰ বিভাগীয় কৰ্তৃপক্ষই ৰাজ্যিক কৃতী শিক্ষক বঁটাৰ বাবে নথিপত্ৰ সহ প্ৰ-পত্ৰ বিচাৰিলে। সকলো জমা দিয়াৰ পিছত বিচাৰক মণ্ডলীৰ পৰা ভিতৰুৱাকৈ জানিব পাৰিলে যে তেখেতেই বাছনি পাইছে। কিন্তু নিশাটোৰ পিছতেই প্ৰকাশ পোৱা তালিকাত তেখেতৰ উপাধিটো সলনি হ’ল। বিষয়টো হাস্যকৰ হ'লেও দুৰ্ভাগ্যজনক। এই বিষয়ে ৰাজ্যিক অধিবিদ্যা পৰিষদৰ বিষয়ববীয়াক সোধাত সকলো নিৰুত্তৰ হৈছিল। বিদ্যালয়ৰ পাঠ্যক্ৰম সফলতাৰ অইন এক চাবিকাঠি হ’ল সহঃ পাঠ্যক্ৰমৰ কাৰ্যকৰণতা। এই বিষয়ে তেওঁ বৰকৈ জোৰ দিছিল। তেওঁ থকালৈ বিদ্যালয়ৰ সাংস্কৃতিক দিশৰ উদ্যমী শিক্ষক তেখেতেই আছিল। আনকি যিসকল শিক্ষক- শিক্ষয়িত্ৰীৰ সুপ্ত প্ৰতিভা আছিল, তেখেতৰ খোচনিত জাগ্ৰত হৈ উঠিছিল।