পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

চাকৰি লাভ কৰা পৰিৱেশ আছিল) ত্যাগ কৰি জাতীয়তাৰ ধাৰণাৰে সেৱাৰ মনোভাৱেৰে শিক্ষকতাত যোগদান কৰি জাতি তথা দেশ হিতৈষীতাৰ পৰিচয় দিছিল। সেই সময়ৰ সৰহ সংখ্যক শিক্ষকে সব্যসাচী আছিল। তেখেতসকলে সমাজ সংস্কৃতি আৰু সাহিত্য চৰ্চাৰ দ্বাৰা জাতিক আগবঢ়াই নিছিল। শিক্ষকতা তেখেতসকলে এক পৰম ব্ৰত আৰু সাধনাৰূপে পালন কৰিছিল। উমেশ বৈশ্যদেৱৰ গাত আমি মধ্য বিংশ শতিকাৰ অসমৰ শিক্ষাগুৰুসকলৰ সৰহ গুণ প্ৰত্যক্ষ কৰিছিলো।

আমাৰ পিতৃ প্ৰয়াত স্বাধীনতা সংগ্ৰামী সাংবাদিক হেম চন্দ্ৰ বৰ্মা মজুমদাৰ,

সমাজ কৰ্মী সিদ্ধিনাথ শৰ্মা, স্বাধীনতা সংগ্ৰামী হৰেকৃষ্ণ গোস্বামী আদি সমাজ কৰ্মীসকল লগ লাগি বৰভাগ; বড়িগোগ আৰু খাতা মৌজাৰ সীমামূৰীয়া স্থান বড়িদতৰাত বিষ্ণুৰাম মেধি হাইস্কুল (সম্প্ৰতি ই এক প্ৰসিদ্ধ উচ্চতৰ মাধ্যমিক বিদ্যালয়) প্ৰতিষ্ঠা কৰিছিল। আই.এচ.চি. পাছ কৰি উমেশ বৈশ্যদেৱে এই বিদ্যালয়ৰ শিক্ষকৰূপে যোগদান কৰে। আমাৰ পিতৃ তেতিয়া পৰিচালনা সমিতিৰ সভাপতি হোৱা বাবে উমেশ বৈশ্যৰ লগত আমাৰ পৰিয়ালৰ সম্পৰ্ক গভীৰ হ’ল। সেই সময়ত বহুসংখ্যক শিক্ষাগুৰু আমাৰ ঘৰলৈ অহা আৰু পিতৃৰ লগত অঞ্চলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা আমাৰ স্মৃতিপটত আজিও জীৱন্ত হৈ আছে। উমেশ বৈশ্যদেৱে হেনো গণিতৰপৰা আৰম্ভ কৰি সকলো বিষয়ৰে পাঠদান কৰাৰ ওপৰিও একশ্ৰেণী সংগীত সাধক শিল্পীৰ সৃষ্টি কৰিছিল। শিক্ষাদানৰ লগতে বিদ্যালয়ত তেখেতে একশ্ৰেণী সংগীত শিল্পী আৰু নৃত্য শিল্পীৰ সৃষ্টি কৰিছিল। বৰভাগ অঞ্চলৰ এক গৌৰৱোজ্জ্বল ঐতিহ্য আছে। প্ৰাচ্যতত্ত্ববিদ পণ্ডিত ধীৰেশ্বৰাচাৰ্য্যৰ জন্মস্থান বৰভাগ। সমাজ সংস্কৃতি ৰাজনীতি সকলো দিশতে বৰভাগ অঞ্চলে অসমত এক বিশেষ স্থান লাভ কৰি আহিছে। তুলনামূলকভাৱে অসমৰ গ্ৰামীন অঞ্চলৰূপে সমাজ সংস্কৃতিত বৰভাগ আগবঢ়া। বিংশ শতিকাৰ প্ৰাৰম্ভতে বৰভাগত আধুনিক শিক্ষাৰ বিস্তাৰ ঘটিছিল। তদুপৰি বিংশ শতিকাৰ ৬০-৭০ দশকত অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে এক সমাজতান্ত্ৰিক বৈপ্লৱিক পৰিৱেশ গঢ়ি উঠিছিল। ইংৰাজ সাম্ৰাজ্যবাদৰ শিকলি। ছিঙি ভাৰতবৰ্ষ স্বাধীন হ’ল যদিও অৰ্ধ সামন্তবাদী আৰু অৰ্দ্ধ পুঁজিবাদী অৰ্থনীতিয়ে দেশৰ নৱ প্ৰজন্মক আশ্বস্ত কৰিব পৰা নাছিল। অসমতো সেই সময়ত এক পৰিৱৰ্তনকামী বাম গণতান্ত্ৰিক আন্দোলনৰ পৰিৱেশ সৃষ্টি হৈছিল।