পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্রাণ প্রয়াত উমেশ বৈশ্য

আমাৰে প্ৰফেচাৰ এজনৰ তলত টিউশ্যন লৈ থাকক। ডিচেম্বৰত আমাৰ এনুৱেল পৰীক্ষা হলে তেওঁ পৰীক্ষা দিব আৰু তাৰ ফলাফল মতে তেওঁৰ এডমিশ্যন হ’ব। এইবুলি আমাক কৈ ৰামকুমাৰ শৰ্মা নামৰ প্ৰফেচাৰ এজনক মাতি আনি তেখেতক কথাখিনি ক'লে। প্ৰফেচাৰ ৰামকুমাৰ শৰ্মাই ক'লে আপুনি প্ৰিন্সিপাল, মই আপোনাৰ তলৰ শিক্ষক, আপুনি পাৰ্মিছন দিলে মই তাক ক্লাচতে শিকাব পাৰিম। সেইমতেই বন্দোবস্ত হ’ল। পিছদিনা বিধিমতে ৰামকুমাৰ শৰ্মাক গুৰু মনাই দত্তৰ ভায়েকৰ লগত খগেনৰ থকা-মেলাৰ সুবিধা কৰি দি আমি আমাৰ ভাৰত ভ্ৰমণৰ কাৰ্যসূচীমতে লক্ষৌৰ পৰা এলাহবাদলৈ গ’লো। তাতে ত্ৰিবেণী সংগমত স্নান কৰি (আমি ৰন্ধা আৰু খোৱাৰ বাচন, স্টোভ-চচপেন-কেটলি আদি লৈ গৈছিলোঁ) গংগাৰ পাৰত খিচিৰি বনাই খালো। সুবিধা পালে ৰান্ধি খাইছিলো, নাপালে নোখোৱাকৈয়ে গৈছিল, তেওঁলোকে হোটেলে-তোটেলে খাইছিল। ময়ো গাখীৰ, ফল-মূলাদি খাইছিলো। এমাহ ভ্ৰমণ কালৰ প্ৰায় দহ দিনমানহে ৰান্ধি খাইছিলো, বিশ দিন মানেই নোখোৱাকৈ গৈছিল। এলাহাবাদত জৱাহৰলালৰ আনন্দ ভৱন আদি চাই তাৰ পৰা ইতাৰ্সি, নাগপুৰ, ৱাৰ্দ্ধা- বিনোৱা ভাৱেৰ আশ্ৰম, মুম্বাই (আগৰ বোম্বাই), এলিফাণ্টা কেভ, চুৰাট, পুনা, বাংগালোৰ, মহীশূৰ, উটাকমাণ্ড, ত্ৰিবান্দম, কন্যাকুমাৰী, মাদুৰাই, ৰামেশ্বৰম, আকৌ মাদুৰাই, মাদ্ৰাজ আজিকালিৰ চেন্নাই ওৱালটায়াৰ, পুৰী, হাওৰা হৈ গুৱাহাটী আহি পাইছিলো ১৯৭৮ চনৰ নৱেম্বৰ মাহৰ ১১ তাৰিখে পুৰা এমাহ পাছত।
 এজনী গাইগৰু খীৰোৱা সময়তকৈ বেছি সময় কাৰোবাৰ লগত লগ লাগি থাকিলে নাইবা কোনো এক স্থানত থাকিলে মায়াই আহি লগ দিয়ে। অৰ্থাৎ সেই স্থান বা ব্যক্তিৰ প্ৰতি আসক্তি জন্মে। মায়াই মোহিত কৰে। সেয়ে উচ্চ স্তৰৰ সাধক, ব্ৰহ্মচাৰী ত্যাগী লোকসকলৰ বাবে উক্ত সময়তকৈ বেছি সময় এক স্থানত থকা নিষেধ। আমি সাধক, ব্ৰহ্মচাৰী নহয়, মই ক'ব গৈছো আমি এমাহ একেলগে শুইছো, একেলগে খাইছো, একেলগে উঠা-বহা কৰিছো, গতিকে আমাৰ মাজত এক নিবিড় গাঢ় আসক্তি বা সম্বন্ধ গঢ়ি উঠিছিল। আমাৰ ভ্ৰমণ কাহিনীৰ দিনলিপি লিখিব গ’লে এখন মহাভাৰত হ’ব। বৈশ্যই মোৰ ভ্ৰমণৰ সময়ত লিখা ‘ডায়েৰী’খন লৈ গৈছিল আমাৰ ভ্ৰমণ কাহিনীটো ভালকৈ লিখিম বুলি। কি কৰিলে পিছত খবৰ কৰা নহ'ল। আমিও সাংসাৰিক কামত ব্যস্ত হৈ পৰিলোঁ। ভ্ৰমণ কৰি আহি দত্তৰ ঘৰত