নহ’ল, তেওঁৰ পাৰ্চেণ্টেজ মোতকৈও তলত থাকিল।
কটন কলেজত বি এছ চি ক্লাছত স্থান পাই মই গুৱাহাটীলৈ গুছি আহিলোঁ। সখা নলবাৰী কলেজত থাকি বি এ ক্লাছত ভৰ্তি হ’ল।
আমি এৰাএৰি হ’লো। শৈশৱ-যৌৱনৰ ৰং-ধেমালি, হাঁহি-তামাচা, প্ৰেম- প্ৰীতিৰ দিনবোৰ যেন ৰং হেৰুৱাই ধূসৰ হৈ গ’ল। দিনে দিনে উদ্ভৱ হোৱা জটিল গৃহ সমস্যাবোৰে আমাক কাতৰ কৰিবলৈ ধৰিলে। মোৰ বি এছ ছি আৰু সখাৰ বি এ পঢ়া কালছোৱাৰ মাজত সংঘটিত বিভিন্ন ঘটনাপুঞ্জৰ বিৱৰণ উল্লেখ কৰাৰ পৰা বিৰত থাকিলোঁ, কিন্তু দুয়ো দুয়োৰে পৰা সাময়িক ভাৱে আঁতৰি থাকিলেও আমাৰ সংযোগ সূত্ৰ এনাজৰীডাল যে বেছি দৃঢ় হৈছিল সেই কথা বৰ গৌৰৱেৰে আজিও সোঁৱৰণ কৰোঁ।
ভগৱানৰ কি বিচিত্ৰ বিধান! বি এ পাছ কৰি সখা গুৱাহাটীলৈ এম এ পঢ়িবলৈ আহিল। বি এছ চি পাছ কৰি ধমধমা হাইস্কুলৰ শিক্ষক পদত নিযুক্তি পাই মই গুৱাহাটী এৰি আহিলোঁ। মোৰ একান্ত আশা আছিল ধমধমা হাইস্কুলৰ চাকৰি বাদ দি এম এছ চি পঢ়ি চাকৰি বাকৰি লৈ দুয়ো গুৱাহাটীতে থাকি যাম। কিন্তু মোৰ ভাগ্যই মোক ঠগিলে।
‘বাণীকান্ত মেমোৰিয়েল গাৰ্লচ হাইস্কুল’ত (তেতিয়া ভেন্সাৰ আছিল।) সখাই শিক্ষক পদত নিযুক্তি পাই গুৱাহাটীতে থাকি মিউজিক চৰ্চাত লাগি গ’ল আৰু টিউচন আদি কৰি এখন শিক্ষিত সমাজত ভালদৰে সোমাই পৰিল। তেওঁৰ লগতে একেখন স্কুলতে অংক-বিজ্ঞান শিক্ষকৰ পদত জইন কৰিবলৈ মোক বাৰে বাৰে মাতি পঠাইছিল যদিও স্কুল কৰ্তৃপক্ষৰ প্ৰবল হেঁচাত মই ধমধমা হাইস্কুল এৰি আহিব নোৱাৰিলোঁ। আনকি বিভিন্ন পদত চাকৰি পায়ো, এৰাব নোৱাৰা কিছু জটিল সমস্যাৰ বাবে ক’লৈও যাব নোৱাৰি ধমধমা হাইস্কুলতে শিক্ষক পদত খামুচি থাকিব লগা হ’ল।
আজি বহু কথাই মনলৈ আহি জুমুৰি দি ধৰে। নিজ প্ৰতিভাৰ বলত উমেশ বৈশ্য গুৱাহাটীতে থাকি এখন উচ্চ সমাজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। সেই ক্ষেত্ৰত মোৰো যে কিবা-কিবি অৰিহনাই তেওঁক সমল যোগাইছিল সেই কথা কেতিয়াও তেওঁ অস্বীকাৰ কৰা নাছিল।
স্কুল-কলেজৰ সেই সোণালী সময়ছোৱাত ৰাতি এঘাৰ-বাৰ বজাত ঘৰ অভিমুখে আহি থাকোতে ওৰে বাটে ধ্বনিত হোৱা তেওঁৰ গানৰ ৰেৱাজ আৰু মোৰ হাত চাপৰিয়ে নিশাৰ পৰিবেশ সজাগ কৰি তুলিছিল। বাটৰ কাষৰ