পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬০
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

প্ৰয়াত উমেশ বৈশ্যৰ প্ৰগতিৰ গানঃ এটি অভিমত

খৰ্গেশ্বৰ শৰ্মা
বৰাপানী, ছিলং

 গীতিকাৰ, সাহিত্যিক তথা বিশিষ্ট শিক্ষাবিদ প্ৰয়াত উমেশ বৈশ্যদেৱৰ দেশপ্ৰেমমূলক গীতৰ সংকলন ‘প্ৰগতিৰ গান’ গ্ৰন্থখন পঢ়ি আনন্দ অনুভৱ কৰাই নহয়; দু-আষাৰ মতামত লিখাৰ লোভ সাম নব নোৱাৰিলোঁ। সহজ-সৰল কথন ভংগী, ভাষা-ছন্দৰ সাৱলীল ৰূপ আৰু মোহময়ী সুৰৰ ঝংকাৰে গ্ৰন্থখনক নতুন ৰূপ দান কৰিছে। শান্তি, মৈত্ৰী আৰু প্ৰগতিৰ বাৰ্তাবাহক এই গীতসমূহে নিশ্চয় আমাৰ এচাম নতুন পুৰুষক অবাটৰ পৰা বাটলৈ অনাত বহুখিনি সহায়তা কৰিব। গ্ৰন্থখনত মই প্ৰত্যক্ষ কৰা কেইটামান দিশ চমুকৈ তলত উল্লেখ কৰিলোঁ।
 একালৰ ‘বৰ-অসম’ আৰু আজিৰ সাত-ভনীৰ ‘উত্তৰ-পূৰ্বাঞ্চল’। অসমৰ মানচিত্ৰৰ পৰিধি ভাঙি গীতিকাৰে কিন্তু সাত-ভনীৰ সম্প্ৰীতি। সপোন ৰচি আছে—

আই অসমীৰ একেখন চোতালত
আমি সালোজনী ভনী
যুগ যুগ ধৰি একেলগে মিলি
কৰিলোঁ ক'ত ধেমালি।

 এৰা, বগা-চাহাবৰ শাসন আঁতৰিলেও ব্ৰিটিছৰ Divide and Rule-ৰ নিয়মসমূহ আজিও যেন কাৰ্যকৰী হৈ আছে। অসমৰ জনগোষ্ঠীসমূহৰ মাজত পুনৰ বিভেদৰ বৰবিহ বিয়পাই অসমখনক পুনৰ খণ্ড-বিখণ্ড কৰাৰ অভিসন্ধি চলিব লাগিছে। গীতিকাৰে তাক সহ্য কৰিব পৰা নাই৷ সেয়েহে তেওঁ সকলোকে আহ্বান জনাইছে—

বড়ো মণিপুৰী নেপালী বঙালী
ৰাভা মিকিৰ মুছলমান