সদৌ শেষত এটি কবিতাসুৰীয়া ভাষাৰে কবি বন্ধুৰ প্ৰতি মােৰ এটি আবেগভৰা স্মৃতিৰ শৰাই নিবেদি লিখনিৰ সামৰণি মাৰিছাে—
জন্মিলেই মৰিব লাগে এয়া চিৰন্তন নীতি,
কাৰােবাবে এই নিয়মৰ নহয় বিচ্যুতি।
মাথাে দুদিনৰ আগ পিছ সময়ৰ ঘাট,
প্রতি জীৱৰ এনে দশা অন্তিম অৱস্থাত।
যি পথৰ পথিক বন্ধু উমেশ বৈশ্য,
মৰতত চলি থাকে একেই দৃশ্য।
ক্ষুদ, ব্যাধি, জড়া, পতন, কোনাে কাৰণতে
জীৱাত্মাই সজাতি এৰে ভাগ্য সূচীমতে।
জন্মিছিলে বন্ধুৱে বালিলেছা ধামত,
উনৈশ ঊনচল্লিছ চনৰ তিনি অক্টোবৰত।
পিতৃ-মাতৃ, প্রতিবেশী আনন্দত মজিলে,
শংকৰৰ নামেৰে উমেশ ৰাখিলে।
উচ্চ শিক্ষা আৰম্ভিলে নলবাৰী কলেজত,
সুখ্যাতিৰে মােকোলালে পথ উচ্চ শিক্ষাৰ।
উনৈশত বা বলাই আওৰায় সংগীতৰ সুৰ,
শাস্ত্রীয় সংগীতেৰে কৰে জনতাক জুৰ।
সদায় হাঁহিমুখীয়া বন্ধু নাই কপটতাৰ লেশ,
ঘটা নাছিল কোনাে দিন হিংসা অৱশেষ।
শিক্ষা বিস্তাৰৰ চাকৰি অতিকে মহান,
প্ৰৱেশিলে অধ্যাপনাত কৰি জ্ঞান দান।
সুন্দৰ সুঠাম দেহ যেনে মনােমােহা,
হাঁহিৰে শুৱনি কৰে প্ৰতি সভাৰ আভা।
উন্নতিৰ জখলাৰে বহে আচার্যৰ আসনত,
কর্তব্য নিষ্ঠাই বিয়পালে খ্যাতি সর্বত্রত।
যদিও বন্ধুৰ গৰিমা প্রচাৰ অতি দুর্লঙ্ঘ্য,
তথাপি স্মৃতিৰ পাপৰিত যাচিলোঁ প্ৰীতিৰ অর্ঘ্য।●
(লেখক ঘগ্ৰাপাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক।)
(এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)