পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


 আমাৰ বৰ ভোক লাগিছিল। ঘৰলৈ আহিবৰ শক্তি যেন হেৰুৱাই পেলাইছিলোঁ। মোৰ লগত পইচাপাতি নাথাকেই। সখাৰ জেপত মাথো এটা সিকি আছিল। মাত্ৰ চাৰি অনা পইচাৰে দুজনে চাহ মিঠাই খোৱা কোনোমতে সম্ভৱ নহয়। তথাপি আগেয়ে খাই লওঁ পিছত কি হয় দেখা যাব বুলি দুয়ো বুকুত সাহস বান্ধি গোলাপ ডেকাৰ চাহ দোকানত সোমালোঁ। চাহ-চিংৰা আৰু জিলাপীৰে উদৰ শান্ত কৰি তৃপ্তি লভিলোঁ যদিও পিছৰ পৰ্ব যে কেনে অপ্ৰীতিকৰ হ’ব পাৰে, ভাবি দুয়ো শংকিত হৈ উঠিলোঁ। সখাই সিকিটো মোলৈ ঠেলি দি কলে, ‘এতিয়াৰ দায়িত্ব তোমাৰ, চিংৰা জিলাপী ওলাই নাহিলেহে ৰক্ষা।’

 দোকান মালিক গোলাপ ডেকা চন্দুক আগত লৈ বহি আছিল। মই পোনে পোনে গৈ ক'লো, ‘আজি আমাৰ স্কুলৰ ফাইনেল আছিল...'

 ডেকাই ঘপকৈ সুধিলে, ‘কোন জয়ী হ’ল?’

 ‘আমি, ক্লাছ টেইন।’

 ‘বৰ ভাল কথা।’

 মই কোমল কণ্ঠে ক’লো, বৰ ভাগৰ লাগিছিল। চাহ খালোঁ। সিকিটো আগবঢ়াই ক'লো, পইচা অলপ বাকী ৰ’ব, (ডেকাৰ দোকানত বাকী নহয় বুলি জানো।) কাইলৈ দিম।’

 ডেকাই হাঁহি মাৰি (তেওঁৰ হাঁহি আচলতে দেখা নগৈছিল) ক’লে, হ’ব যোৱা, পইচা নালাগে। জয়ী হ’লা যেতিয়া ময়েই যেনিবা আজি তোমালোকক খুৱালোঁ।

 যেন এটা ভয়ংকৰ বিপদৰ পৰাহে দুয়ো উদ্ধাৰ পালোঁ। ৰংমনে ওলাই আহি সখাক ক’লো, ‘দেখিলা, বাহিৰটো শামুকৰ খোলা হলেও ভিতৰখন কোমল।’

 এবাৰ দুয়ো মৃত্যুৰ মুখৰ পৰা কিবাকৈ বাচিছিলোঁ। বোধহয় ১৯৬২ চনৰ কথাই হ’ব। কলেজৰ পৰা ঘূৰোতে সখাৰ লগতে সংগীত বিদ্যালয়লৈ যাওঁ। ঘৰ পাওঁতে ভাল ৰাতিয়েই হয়। সিদিনাও ৰাতি আঠমান বাজিছিল। এন্ধাৰ ৰাতি। সিৰসিৰকৈ অবিৰাম বৰষুণ পৰি আছিল। গাঁৱলীয়া ৰাস্তা, বোকা- পানীৰে একাকাৰ। আহি থাকোতে মানুহে চিঞৰ-বাখৰ কৰি কোৱা শুনিলোঁ, বোলে ‘মথাউৰি ভাঙিছে, পানীয়ে এতিয়া গোটেই তল নিয়াব।

 আমি ভয়ে ভয়ে আহি ‘কদমতল’ চকটো পাইছোহে পানীৰ সোঁ সোঁ শব্দই গোটেইখন ছাটি ধৰিলে। দুৰৰ, কাষৰ পাজৰৰ পৰিয়ালবোৰৰ পৰা