পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


বঙ্গ আমাৰ বঙালী আমি
   লুইতপৰীয়া হলোঁ আহি
নেপাল আমাৰ আমি নেপালী
  লুইতপৰীয়া হলোঁ আহি...

 “প্ৰগতিৰ গান” লিখকৰ দেশপ্ৰেমৰ চানেকি বুলি অভিহিত কৰিব পাৰি। তেখেতে ভৱিষ্যতৰ ৰঙীন সপোন নেদেখা নহয়। তেখেতে লিখিছে-

আমি ফুলি আছোঁ ভাগে ভাগে
  এই ফুলনিত মহাৰঙে
নতুন নতুন ৰঙীন সপোন
  জাগে আমাৰ প্ৰাণে প্ৰাণে।

 জানিব পাৰিছে তেখেতৰ প্ৰকাশ কৰিবলগীয়া বহুখিনি লিখনি আছে। আশা কৰিছোঁ যাতে গোটেইখিনি প্ৰকাশ কৰি ৰাইজৰ মাজত বিলাই দিব পাৰে।

 সদৌ শেষত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে বৈশ্যৰ আত্মাই শান্তি লাভ কৰে। (লেখক আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰববী অধ্যাপক।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)