পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৫
সৃষ্টিৰ মাধুৰীঃ কৃষ্টিৰ হেঙুল

চৰকাৰী দৰমহা পােৱা বুলি চহী কৰি দৰমহা ল’লে হয়, কিন্তু প্রকৃততে তেখেতসকলক দিয়া হ'ল তাতােকৈ বহুখিনি কম। বাকীখিনি টকা উচ্চ মাধ্যমিক শাখাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলকো কিঞ্চিৎ পৰিমাণে দিয়াৰ বাবে ত্যাগৰ মনােভাবেৰে দান দিবলৈ এম. ই. শাখাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক কমিটিয়ে অনুৰােধ কৰাত তেখেতসকলে তেখেতসকলৰ দৰমহাৰ এটি অংশ দান ৰূপে কমিটিৰ হাতত অৰ্পন কৰিলে।

 এইদৰে উচ্চ মাধ্যমিক শাখাৰ নামত অহা মঞ্জুৰী আদিৰ টকাও দুয়ােখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত ভগাই দিয়া হ'ল। এইদৰেই বিদ্যালয় দুখন চলি থাকিল। কিন্তু লাহে লাহে দুয়ােখন বিদ্যালয়ৰ উক্ত ধন উক্ত নিয়মে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত ভাগ বিতৰণ কৰা সংক্রান্ততে অলপ অচৰপ ওজৰ-আপত্তিসূচক কথাৰ অৱতাৰণাও নােহােৱাকৈ নাথাকিল। যিয়েই হওক মাছ ভাঙিলেও একেটা চৰুতে থকাৰ দৰে সকলােৱে মিলিজুলি একেলগে কাম কৰি থাকিল।

 ১৯৬৬ চনৰ মাৰ্চ মাহৰ ২৮ তাৰিখে গীতা শৰ্মাৰ ছুটীত উমেশ বৈশ্য আহি এই বিদ্যালয়ত শিক্ষক হিচাপে যােগদান কৰে। তেতিয়া দ্বিতীয়খন কার্যকৰী কমিটিৰ কার্যকাল। এইখন কমিটিৰ সম্পাদক আছিল উমাকান্ত শর্মা।

 ৰানু দত্ত, নিভা তালুকদাৰ, ৰােহিণী তালুকদাৰ, অৰ্পনা ৰায় চৌধুৰী, ভুৱনেশ্বৰী দেৱী, মিনতি মেধি, বেলি দাস, অলকা গায়ন, গৌৰী দত্ত আদি শিক্ষক-শিক্ষয়িত্ৰীসকলে ১৯৬৬ চনৰ শিক্ষক জিৰণি কোঠা শুৱনি কৰিছিল। ড্রয়াৰযুক্ত আহলবহল মেজ মাজত লৈ মুখামুখিকৈ আৰাম চকীত বহি শিক্ষক- শিক্ষয়িত্ৰীসকলে ৰংমনে কাম কৰিছিল। জিৰণি পৰত উমেশ বৈশ্যই মালকোষ, বাহাৰ ৰাগত সৰু সৰু খেয়ালৰ টুকুৰা উলাহতে গাইছিল। বাইদেউসকলে হাঁহি হাঁহি উপভােগ কৰিছিল। মাজে মাজে আকৌ ৰামেশ্বৰ পাঠকৰ কণ্ঠত সুমধুৰ লােকগীত বাজি উঠিছিল। এইদৰেই এক মধুময় পৰিৱেশত এটি কলিৰ দুটি পাত হৈ একেটা ঘৰত, এখন চোতালত, একেটি জিৰণি কোঠাত শিক্ষক- শিক্ষয়িত্ৰীসকলে দিন নিয়াইছিল। কাগজে-কলমে বিদ্যালয়খন এম.ই. আৰু উচ্চ মাধ্যমিক দুটি শাখাত বিভক্ত থাকিলেও দুয়ােখনৰে পাঠদান ৰুটিন আছিল এখন। দেখাত দুগৰাকী প্রধান শিক্ষয়িত্ৰী আছিল যদিও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ প্ৰশাসনৰ অধীনতেই দুয়ােখনৰ কাম-কাজ চলিছিল।

 সেই সময়ত ৪র্থ শ্রেণীৰ কৰ্মচাৰী আছিল সুৰেন দাস, কার্যালয় সহায়ক