পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪০
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

চহী কৰি সন্মতি দিয়ে। কিন্তু সেই একে তাৰিখতে উভয় বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে বিদ্যালয় দুখন একত্রীকৰণার্থে সন্মতি সূচক চহী দিয়া পত্ৰখনত এম.ই. শাখাৰ প্রধান শিক্ষয়িত্ৰী শ্ৰীযুতা ৰােহিণী শৰ্মাই কিন্তু চহী নিদিলে। ২৭/১০/৮৬ তাৰিখৰ শিক্ষক সভাত শ্ৰীযুতা ৰােহিণী শৰ্মা উপস্থিত নাথাকিল।

 ১৩/১২/৮৬ তাৰিখে উচ্চ মাধ্যমিক শাখাৰ অভিভাৱক সভাত দুয়ােখন বিদ্যালয় একত্ৰীকৰণার্থে এটা প্রস্তাৱ লােৱা হয়।

 ৫/১২/৮৭ তাৰিখেও উচ্চ মাধ্যমিক শাখাৰ কাৰ্যকৰী কমিটিৰ সভাত দুয়ােখন বিদ্যালয় একত্ৰীকৰণার্থে প্রস্তাৱ লােৱা হয় আৰু এই প্রস্তাৱৰ নকল কার্যকৰী কৰণার্থে বিভাগীয় মহললৈ প্ৰেৰণ কৰা হয় আৰু এই ক্ষেত্ৰত সক্রিয় সহযােগ বিচাৰি আৰু মনােযােগ আকর্ষণ কৰি এই প্ৰস্তাৱৰ নকল ৰিহাবাৰী মহিলা সমিতি আৰু উন্নয়ন সমিতিলৈয়াে প্রেৰণ কৰা হয়।

 ১৯৮৭ চনত বিভাগীয় কর্তৃপক্ষই দুয়ােখন বিদ্যালয় একত্রীকৰণার্থে কেইটামান চৰ্ত আৰােপ কৰি প্ৰয়ােজনীয় তথ্যপাতি বিচৰাত উচ্চ মাধ্যমিক শাখাৰ প্রধান শিক্ষয়িত্ৰীয়ে ২১/১২/৮৭ ইং তাৰিখে এখন শিক্ষক সভা আহ্বান কৰে। এই সভাত উপস্থিত আছিল সর্বশ্রী ধমেশ্বৰ পাঠক, উমেশ বৈশ্য, পুষ্প দাস, কল্পনা দেৱী, অনিলা তালুকদাৰ, আৰতি হাজৰিকা, মঞ্জুশ্রী দেৱী আৰু ভুৱনেশ্বৰী দেৱী। এই সভাত প্ৰধানকৈ বিদ্যালয় দুখন একত্রীকৰণ হ'লে কোন সহকাৰী প্রধান শিক্ষক বা শিক্ষয়িত্ৰী হ'ব আৰু একত্ৰীকৰণৰ পিচত বিদ্যালয়খনৰ নাম কি হ’ব সেই বিষয়ে আলােচনা হৈছিল। সহকাৰী প্রধান শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত শ্ৰীযুতা ৰােহিণী শৰ্মাৰ নামটো উত্থাপন কৰি তেখেতক বিবেচনা কৰা হৈছিল যদিও বিদ্যালয় দুখন একত্রীকৰণত তেখেতে সন্মতি নিদিয়াত সভাই উচ্চ মাধ্যমিক শাখাৰ জ্যেষ্ঠতম শিক্ষক শ্ৰীযুত উমেশ বৈশ্যক বিদ্যালয় দুখন একত্ৰীকৰণৰ পিছত সহকাৰী প্রধান শিক্ষক হিচাপে মনােনীত কৰা হওক বুলি প্রস্তাৱ গ্ৰহণ কৰে। একত্ৰীকৰণৰ পিছতাে বিদ্যালয়ৰ নাম বাণীকান্ত সোঁৱৰণী উচ্চ মাধ্যমিক বিদ্যালয় নামে জনাজাত হওক বুলিও সেই সভাতে আন এটা প্রস্তাৱ গ্ৰহণ কৰা হয়।

 ৩/২/৮৮ তাৰিখে বিদ্যালয় একত্রীকৰণ সম্পর্কতে এম.ই. শাখাৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ এখন Statement তৈয়াৰ কৰি উচ্চ মাধ্যমিক শাখাৰ প্রধান শিক্ষয়িত্ৰীয়ে সেই সময়ৰ কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ ওচৰলৈ প্ৰেৰণ কৰে। সেই ষ্টেটমেণ্টখনকে I/S মহােদয়ে সেই সময়ৰ D/I