সুৰসাধক উমেশ বৈশ্যৰ সোঁৱৰণত
অনুপম বর্মা মজুমদাৰ
নামদোঙা,নলবাৰী
আমাৰ দক্ষিণ-পূব খাতা মৌজা অঞ্চলটিৰ পৰা গৈ যিসকল জ্ঞান
সাধকে বিশাল অসমীয়া সমাজত সাহিত্য-সংগীত-সংস্কৃতি ক্ষেত্ৰত উল্লেখনীয়
স্থান লাভ কৰি নিজৰ লগতে আমাৰ সমাজখনক গৌৰৱান্বিত কৰিছে তেখেত
সকলৰ ভিতৰত অন্যতম শিল্পী সাহিত্যিক উমেশ বৈশ্যদেৱ। উমেশ বৈশ্যৰ
জন্ম হৈছিল ঐতিহ্যময়ী বালিলেছা গাঁৱত ১৯৩৯ চনত এক নিম্নবিত্ত পৰিয়ালত।
আমাৰ দক্ষিণ-পূব খাতাৰ বালিলেছা গাঁৱৰ এক গৌৰৱােজ্জ্বল ঐতিহ্য আছে।
আহােম ৰাজবিষয়া কালি চৰণ চৌধুৰীয়ে আহােম ৰজা মহাৰাজ শিৱসিংহৰ
ৰাজপৃষ্ঠপােষকতাত বালিলেছা কালী পুখুৰী আৰু কালী মন্দিৰ দেৱালয় প্রতিষ্ঠা
কৰিছিল। উমেশ বৈশ্যই ঐতিহ্যময়ী বালিলেছা মজলীয়া বিদ্যালয়ৰ পৰা
ৰূপৰ পদক আৰু বৃত্তি লাভ কৰি এম.ভি. পৰীক্ষা পাছ কৰি গর্ডন স্কুলৰ পৰা
প্রৱেশিকা পাছ কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে নলবাৰী কলেজৰপৰা
আই.এচ.চি. আৰু বি.এ. পাছ কৰাৰ লগতে অসমীয়া সাহিত্যত গুৱাহাটী
বিশ্ববিদ্যালয়ৰ পৰা এম.এ. আৰু বি.এড. ডিগ্রী লাভ কৰিছিল। মােৰ দাদা
প্রয়াত অজিত মজুমদাৰ বৈশ্যদেৱৰ স্কুলৰ সহপাঠী আৰু বন্ধু আছিল। সেয়ে
আমাৰ পৰিয়ালৰ লগত তেখেতৰ এক গভীৰ আন্তৰিক সম্পর্ক আছিল।
আমাৰ শৈশৱ কালৰ বহু ৰং-ধেমালি জীৱন পৰিক্ৰমাৰ লগত তেখেতৰ স্মৃতি
জড়িত হৈ আছে। আমি লক্ষ্য কৰিছিলোঁ তেখেতে যেন প্রতি মুহূর্ততে লগত
লৈ ফুৰিছিল এক সুৰৰ মূৰ্চনা... বিচাৰি ফুৰিছিল এক নতুন মুক্ত বিহংগম
সুৰ....। তেখেত সামগ্রিকভাৱে এগৰাকী শাস্ত্রীয় সংগীত সাধক আছিল। শাস্ত্রীয়
সংগীত এক ঐকান্তিক সাধনাৰ সম্পদ। উমেশ বৈশ্যদেৱে ঐকান্তিকতা আৰু
সাধনাৰে সেই পথত অগ্ৰসৰ হ’বলৈ সক্ষম হৈছিল।
যােৱা বিংশ শতিকাৰ ৬০-৭০ দশকত আমাৰ ছাত্ৰাৱস্থাত নলবাৰীত