তেখেতে যে অকল কবিতাতে সিদ্ধহস্ত আছিল এনে নহয়, বহু গল্প,
প্ৰবন্ধও তেখেতে লিখিছিল। মই জনাত তেখেতে এখন ইংৰাজী ব্যাকৰণো
লিখি থৈছে কিন্তু তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবে বোধহয় সেইখন প্ৰকাশ
নহ'ল। সংগীত সূৰ্য ড° ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনৰ পৰ্যালোচনা
বোধহয় এতিয়ালৈকে কোনেও কৰা নাই, কিন্তু ভিনদেউৱে সেই তেতিয়াই
(১৯৮৯) তেখেতৰ কণ্ঠৰ, তেখেতৰ গীতৰ ভাব-ভাষাৰ বিষয়ে সমালোচনা
কৰিছিল। মুঠৰ ওপৰত সাহিত্যত তেখেতৰ যথেষ্ট হাত আছিল কিন্তু তেখেতে
এই ক্ষেত্ৰত কোনোদিনে প্ৰচাৰ বিচৰা নাছিল। তেখেত সাহিত্যৰ নীৰৱ সাধক
আছিল।
তেখেতে কোৱা এষাৰ কথা মোৰ মনত এতিয়াও সজীৱ হৈ আছে, “কিবা কাম যদি কৰিম বুলি ভাব তেতিয়াহ'লে কেতিয়াও একেলগে কৰিম বুলি নাভাবিবি, কামটো অলপ অলপকৈ আগবঢ়াই লৈ যাবি। একেলগে কৰিম বুলি ভাবিলে একো কৰা নহ'ব।” আৰু এইষাৰ কথাৰ পৰাই তেখেতৰ বাস্তৱবাদী মনটো ধৰিব পাৰি। এনে বিদ্বান মানুহ এজনৰ লগত কথা পাতিবলৈও ভয় আৰু কথা পাতিব পাৰিলে নিজৰে জ্ঞানৰ ভঁৰাল চহকী হয়।
ভিনদেউ অকল সাহিত্য চৰ্চাতেই সীমাৱদ্ধ নাছিল, তেখেতৰ বহুমুখী প্ৰতিভাৰ কথা কৈ বা লিখি শেষ কৰা অসম্ভৱ। কাৰণ এজন আদৰ্শবান ব্যক্তিৰ ব্যক্তিত্ব খুব কম লোকৰ ক্ষেত্ৰতহে পৰিলক্ষিত হয়।
সংগীত চৰ্চাত তথা সংগীতৰ ক্ষেত্ৰত তেখেতৰ পাৰ্গতালি বুজোৱা মোৰ বাবে অসম্ভৱ। তেখেতে ৰাগ, থুমৰি আদিত নিজকে সমৰ্পিত কৰিছিল। বহু ভব্য-গব্য লোকে তেখেতৰ তাত শিকিবলৈ প্ৰয়াস কৰিছিল। তেখেতে নিজে হাৰমনিয়াম, তবলা, বীণা আদি খুব নিপুণভাৱে বজাইছিল। সংগীত মানে চিঞৰ-বাখৰ নহয় বুলি তেখেতে ক্লাচিকেল, ৰাগ, থুমৰি আদিতহে প্ৰাধান্য দিছিল। বহু ব্যস্ততাৰ মাজতে তেখেতে ‘জীৱনজ্যোতি সংগীতাশ্ৰম’খন প্ৰতিষ্ঠা কৰি বহু জনক সময় দি নিষ্ঠাৰে শিকাইছিল। মুঠৰ ওপৰত সংগীত সৰস্বতী ভিনদেউৰ কণ্ঠত আছিল।
শিক্ষাৰ ক্ষেত্ৰতো তেখেতৰ অৱদান মন কৰিবলগীয়া। যি বিষয়বস্তুৱেই নহওক কিয় ইমান সুন্দৰকৈ খৰচি মাৰি বুজাই দিব পাৰিছিল যে এজন অশিক্ষিত ব্যক্তিৰ বাবেও সি সহজবোধ্য হৈ পৰিছিল। পঢ় বুলিলে তেখেতে বৰ ভাল।