পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৩
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


এই মহৎ প্ৰচেষ্টাত পদে পদে বাধাৰ সৃষ্টি কৰিছিল কিছুমান স্বাৰ্থন্বেষী লোকে। কিন্তু ছাৰৰ সৎ সাহসৰ অভাৱ পৰিলক্ষিত হোৱা নাছিল। ফলত সেই স্বাৰ্থন্বেষী লোকৰ অপচেষ্টা পৰাভূত হৈছিল।

 তেখেতৰ ইমান ধৈৰ্য আৰু সাহস সঁচাকৈয়ে হাৰ মানিছো যে মৰমেৰে বিদ্যালয়ৰ শিক্ষক তথা কৰ্মচাৰীকে বুকুত সাৱটি লৈ সৎ সাহসৰ বীৰত্বৰে বিষয় শিক্ষক পদৰ পৰা অধ্যক্ষ পদত কাৰ্যভাৰ গ্ৰহণ কৰে।

 ছাৰে আজৰি পৰত প্ৰায়ে তেখেতৰ ছপা হৈ প্ৰকাশিত হোৱা তথা আধৰুৱা হৈ থকাকে আদি কৰি প্ৰবন্ধ, গীত, কবিতা আদি সংকলনৰ কথা আলোচনা কৰে। মাজে সময়ে ছাৰে মোক স্কুল ছুটীৰ পাছত লগ ধৰাত ঘৰলৈ যাওঁ আৰু ছাৰে মোক এদিন কবিতা পুথি এখন দিলে “তই যুক্তি যুদ্ধ কৰ”। কিতাপখন পঢ়ি মোৰ মনত ভাৱ সঁচাকৈয়ে জাগি উঠিছিল যে ছাৰ একেধাৰে এজন সু-সাহিত্যিক, গায়ক, কবি আৰু গীতিকাৰ। আনহাতে ছাৰক আমি অসমীয়া জগতৰ ভঁৰাল চহকী হিচাপেও আখ্যা দিব পাৰোঁ।

 দুৰ্ভাগ্যবশতঃ বৃক্ক ৰোগত আক্ৰান্ত হোৱাৰ পাছত ডাক্তৰে বিশ্ৰাম ল’বলৈ কৈছিল। অৱশ্যে বিশ্ৰাম লৈছিল যদিও বিদ্যালয় তথা ছাত্ৰী আৰু কৰ্মচাৰীৰ মৰম এৰাব নোৱাৰি ৰুগীয়া দেহৰে কামত যোগদান কৰিছিল। মনোবল অটুত আছিল যদিও লাহে লাহে শৰীৰ অৱশ হৈ আহিল।

 নিয়তিৰ পৰিহাস। আমি সকলোৱে নেদেখাজনৰ ওচৰত হাৰ মানিবই লাগিব। শ্ৰদ্ধাৰ ছাৰেও অৱশেষত হাৰ মানিবলৈ বাধ্য হ’ল। ১৯৯৮ চনৰ ১ আগষ্ট তাৰিখে আমাক তথা ঘৰৰ সকলোকে কন্দুৱাই থৈ এই সংসাৰৰ পৰা বিদায় লয়। আমাৰ বাবে থৈ গ'ল মাথোঁ কামৰ আদৰ্শ। তেখেতৰ পবিত্ৰ আদৰ্শৰ স্মৃতিত অভাগ্য কৰ্মচাৰীয়ে আজি যাচিছোঁ হিয়া ভৰা অন্তৰৰ ভক্তি তথা অশ্ৰু অঞ্জলি।

(লেখক আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ কৰ্মচাৰী।) (এই লেখাটোৰ ৰচনাকাল ২০১০ ইং)