পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

চাকৰি কৰিছিলো, তেতিয়া সেই স্কুলখন আছিল ‘ভেঞ্চাৰ’। প্ৰধান শিক্ষয়িত্ৰী আছিল প্ৰিয়লতা কাকতি। তেওঁ এগৰাকী বিদুষী মহিলা, তেখেতে বোধকৰো স্কুল পৰিদৰ্শন বিভাগত চাকৰি কৰি অৱসৰ লৈছিল। সেই সময়ত দৰমহা বুলিবলৈ ক'ব লাগিলে— কেইটমান টকা মাননি হিচাবে পাইছিলোঁ। ১৯৭২ চনতহে স্কুলখনে চৰকাৰী সাহায্য লাভ কৰে।

 বৈশ্য আছিল মোৰ দৃষ্টিত এক মহাকাব্যিক সত্তা। তেওঁৰ প্ৰতিটো কথা, প্ৰতিটো বচনেই আছিল যুক্তিপূৰ্ণ আৰু সময়োপযোগী। মৃদু ভাষী, উগ্ৰতা বৰ্জিত, শান্ত-শিষ্ট আৰু সত্যান্বেষী— এইবোৰ গুণৰেই বিভূষিত উমেশ বৈশ্য। সাধুসকলৰ চিন্তা, কথা আৰু কামত সদায় সংগতি থাকে। বৈশ্য আছিল তেনে এক ব্যক্তি। মোৰ মানত শিক্ষক হিচাবে বৈশ্য আছিল একক আৰু অদ্বিতীয়, ই অতি কথন নহয়, সম্পূৰ্ণ বাস্তব আৰু সত্য।

 বৈশ্যৰ অইন এটা গুৰুত্বপূৰ্ণ দিশ আছিল— সেয়া তেওঁৰ কাব্যিক সত্তা— কাব্য আৰু সংগীতৰ লগত ওতঃপ্ৰোতভাবে তেওঁ জৰিত আছিল। ‘প্ৰগতিৰ গান’খনেই তাৰ উৎকৃষ্ট চিনাকি। তাত তেওঁ সমাজ জগত আৰু জীৱন সম্পৰ্কে গভীৰ ভাবে পৰ্যবেক্ষণ কৰিছে— এনে জীৱন চৰ্চা আজিৰ যুগত দুৰ্লভ। ব্যক্তিৰ সমষ্টিয়েই সমাজ, ব্যক্তি সাধু নহ'লে সমাজ সাধু আৰু সৎ হ’ব নোৱাৰে। এনে ক্ৰান্তিবাহী ভাবৰে সমষ্টি— ‘প্ৰগতিৰ গান’ এখন উৎকৃষ্ট গীতি−কবিতা। মই জনাত বৈশ্য ডাঙৰীয়াই বীৰেন ফুকনৰ ওচৰত ভাৰতীয় মাৰ্গীয় সংগীতৰ সাধনা কৰিছিল। ইয়াৰ আগতেই নলবাৰীৰ সংগীত বিদ্যালয় ‘গীতশ্ৰী’ত গুৰুদেৱ চৈয়দ জমিৰউদ্দিন আহমেদৰ ওচৰত সংগীত শিক্ষাৰ আৰম্ভণি কৰিছিল। পৰৱৰ্তী কালত লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যালয়ৰ পৰা সংগীতৰ উপাধি লৈছিল। সাহিত্যৰ ক্ষেত্ৰতো তেওঁ আছিল উদ্যোগী। তেতিয়াৰ কুশল নগৰৰ ‘বনগিৰি সাহিত্য কানন’ৰ তেওঁ আছিল এক নিয়মীয়া সদস্য আৰু তিনিচুকীয়া (বোধহয় ১৯৭১ চন) অসম সাহিত্য সভাত আমি দুয়োজনে যোগ দিছিলো আৰু বৈশ্যই তাত প্ৰতিনিধি মঞ্চত উপস্থিত হৈ কিছু সাৰগৰ্ভ কথা উত্থাপন কৰিছিল।

 সাংসাৰিক ব্যক্তি হিচাবে বৈশ্য আছিল অতি সফল। দাৰিদ্ৰই পীড়া কৰা ঘৰত জন্মিলেও জ্যেষ্ঠ পুত্ৰ হিচাবে মাক-দেউতাকৰ প্ৰতি পুত্ৰসুলভ সেৱা, চাৰি ভাতৃ, চাৰিজন পুত্ৰক সুশিক্ষিত আৰু উপাৰ্জনশীল কৰি গঢ়ি তোলাতেই বৈশ্যৰ কৃতিত্ব। অতি ব্যস্ত জীৱনৰ লগত সংগ্ৰাম কৰিও বৈশ্যই এটি গধুৰ