ছোৱালী হাইস্কুল ইং ১৯৯১ চনত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হয়।
গৌৰৱৰ আৰু আনন্দৰ কথা এয়ে যে ইং ১৯৯২ চনত এই বিদ্যালয়ৰ বিষয়
শিক্ষক আৰু ইং ১৯৯৩ চনত ইয়াৰ উপাধ্যক্ষ পদ অলংকৃত কৰিবলৈ সক্ষম
হয়। তেওঁ ঢাপে ঢাপে আগবাঢ়ি গৈছিল, উন্নতিৰ সোপান বগাইছিল আৰু ইং
১৯৯৫ চনত এই শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ উচ্চ আসনখনো পাবলৈ সক্ষম হৈছিল।
বিদ্যালয়খনক এক গতিশীল মাত্ৰা প্ৰদান কৰিছিল। দুখৰ বিষয় এয়ে যে
তেওঁক অৱসৰৰ শেষ সীমালৈ নিয়তিয়ে কাৰ্যনিৰ্বাহ কৰিবলৈ নিদিলে,
আদবাটতে তেওঁৰ জীৱন বন্তি নুমাই দিলে অকালতে। ইং ১৯৯৮ চনৰ ১
আগষ্ট তাৰিখে তেওঁৰ জীৱনৰ গতি স্তব্ধ হৈ ৰৈ গ'ল। বৃন্তচ্যুত ফুলৰ দৰে
তেওঁৰ জীৱন ফুল সৰি পৰিল; আশা-আকাংক্ষাবোৰে পূৰ্ণ ৰূপ লোৱাৰ বহু
আগতে।
বালিলেছা গাঁৱৰ নিঃস্ব দুৰ্বল পৰিবেশ আৰু পৰিস্থিতিৰ মাজৰ পৰা জীৱনৰ খোজ আগবঢ়াই নিজৰ চেষ্টা আৰু অধ্যৱসায়ৰ যোগেদি বৈশ্যই নিজক গঢ়ি তুলিছিল আৰু গুৱাহাটীৰ মাজমজিয়াত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ দৰে মৰ্যাদাপূৰ্ণ পদত অধিষ্ঠিত হ’ব পাৰিছিল। কোনোবাই এই ঘটনা আৰু কাৰ্যপৰিক্ৰমাক সাধাৰণ বুলি ভাবিলেও আমি কিন্তু ইয়াক এক অসামান্য শক্তিৰ পৰিচায়ক বুলিয়েই অভিহিত কৰিম। কথাখিনিৰ লগে লগে মোৰ আন এটা কথালৈ মনত পৰিছে। আমি নলবাৰীৰ স্কুললৈ যোৱাৰ সময়ত উমেশ বৈশ্যৰ পিতৃয়ে প্ৰায়ে তেখেতসকলৰ পদূলিমুখত থিয় হৈ স্কুললৈ যোৱা ল’ৰা-ছোৱালীবোৰক লক্ষ্য কৰিছিল আৰু সময়ে সময়ে আমাৰ আগত কৈছিল— ‘বোপা ভালকৈ পঢ়া-শুনা কৰিবা, অঞ্চলৰ নাম ৰাখিব লাগিব। বন্ধু বৈশ্যই পিতৃৰ এই হৃদয়ৰ আশা পূৰণ কৰিব পাৰিছিল, বালিলেছা গাঁৱৰ তথা অঞ্চলৰ গৌৰৱ ৰক্ষা কৰিব পাৰিলে।
বন্ধু বৈশ্য এজন বিষয় শিক্ষক অথবা শিক্ষানুষ্ঠানৰ মুৰব্বী প্ৰশাসনিক বিষয়াই নাছিল। তেওঁ এজন উচ্চ স্তৰৰ সংগীত শিল্পী আৰু সংগীত শিক্ষকো আছিল। হাইস্কুলীয়া জীৱনৰ পৰাই তেওঁ সংগীতৰ চৰ্চা কৰিছিল। গুৱাহাটীলৈ গৈ তাত বিখ্যাত সংগীত শিল্পী সুধীৰ চৌধুৰী আৰু বীৰেন ফুকনৰ সান্নিধ্য লাভ কৰে আৰু তেখেতসকলৰ তলত সংগীতৰ বহল চৰ্চা আৰম্ভ কৰে। ইয়াৰ ফলশ্ৰুতি স্বৰূপে প্ৰিয় বৈশ্যই লক্ষৌৰ ভাটখাণ্ডে সংগীত বিদ্যালয়ৰ অধীনস্থ সংগীতৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’ব পাৰিছিল। পৰৱৰ্তী সময়ছোৱাত