পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
উমেশ বৈশ্যৰ স্মৃতিচাৰণ্য


ভুল প্ৰতিপন্ন হৈছিল আৰু ফলত সেই পৰীক্ষাত বৈশ্য অকৃতকাৰ্য হৈছিল। সেই উদাহৰণ যে ভুল হোৱা নাছিল সেইকথা তেখেতে আমাক প্ৰসংগক্ৰমে যুক্তি সহকাৰে কৈছিল আৰু পৰীক্ষাৰ্থীৰ উত্তৰ বহী যথোচিতভাৱে পৰীক্ষা নকৰা বুলি পৰীক্ষা পুনৰ নিদিবলৈ একপ্ৰকাৰ স্থিৰ কৰিছিল। আমি আৰু এবাৰ পৰীক্ষকে বিচৰা মতে সকলো উদাহৰণ অথবা প্ৰশ্নৰ উত্তৰ লিখি পৰীক্ষা দিবলৈ বৰকৈ অনুৰোধ কৰিছিলো। তেতিয়া মনৰ ক্ষোভ সংযত কৰি পিছৰবাৰ পৰীক্ষা দি এম এ উপাধি লাভ কৰিছিল।

 ১৯৬৬ চনৰপৰা ১৯৮১ চনলৈ বৈশ্যক সঘনে লগ পোৱাৰ সুবিধা পাইছিলোঁ। ১৯৬৭ চনত আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষকসকলে গুৱাহাটীত বসতি কৰাৰ বাবে মাটিৰ সন্ধান কৰিছিল। ৰিহাবাৰীৰ বৰ্তমানৰ ডি আই জি অফিচ আৰু কোৱাৰ্টাৰ নিৰ্মাণ হোৱা ঠাইডোখৰ মুকলি পথাৰ হৈ আছিল। আমাৰ কেইবাজনো শিক্ষকে লগ হৈ তাতেই মাটি দখল কৰাৰ বাবে দুই-চাৰিজনে একোটা গোট হৈ একোটা খেৰ বাঁহৰ জুপুৰী ঘৰ বান্ধিছিলো। সহকৰ্মী বন্ধু শ্ৰীমাণিক চন্দ্ৰ দত্ত, শ্ৰীগোপী মোহন ভট্টাচাৰ্য্য, শ্ৰীঅনিল ভট্টাচাৰ্য্য, প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য আৰু এই প্ৰবন্ধ লিখক আদিয়ে সেই ঠাইত পজা সাজিছিলোঁ। শ্ৰীমাণিক চন্দ্ৰ দত্ত আৰু প্ৰয়াত বৈশ্য বৰ সংগীতপ্ৰেমী লোক আছিল। চৰ্চাৰ বাবে তাতে দুই-এপদ সংগীতৰ সৰঞ্জামো ৰাখিছিল। তেতিয়া আমাৰ কলেজৰ অধ্যয়ন শেষ হোৱা নাছিল বাবে সেই ঘৰত আমি থকা নাছিলো। সম্ভৱ শ্ৰীদত্ত, গোপী ভট্ট আৰু বৈশ্যৰ সৈতে ৩/৪ জনমান সেই পঁজাত আছিল।

 ৫/৬ মাহমান সেই ঠাইত আশ্ৰয় লৈ থকাৰ পিছত চৰকাৰে আমাৰ সেই দখলৰ ঘৰবোৰ উচ্ছেদ কৰিছিল। সেই উচ্ছেদত তাতে থকা কেইজনৰ যথেষ্ট ক্ষতিও হৈছিল। ৰিহাবাৰীৰপৰা উচ্ছেদ কৰিলেও শিক্ষকসকলে মাটি দখল কৰাৰ উদ্যম হেৰোৱা নাছিল। সেইবাৰ আহি বিৰুবাৰীত কালাপাহাৰৰ দাঁতিভাগত, বৰ্তমান যি ঠাইত শ্ৰীযুত দত্ত, প্ৰয়াত বৈশ্য, প্ৰয়াত ৰোহিনী কুমাৰ শৰ্মা, শ্ৰীৰথীন্দ্ৰলাল শৰ্মা আদিৰ ঘৰ আছে সেই ঠাইত মাটি দখল কৰিছিল। মাটি দখলৰ প্ৰাথমিক স্তৰত অৰ্থাৎ হাবি জংঘল কটাৰ সময়ত আমি আছিলো যদিও পাহাৰৰ মাটি পছন্দ নোহোৱাত আমি ৰূপনগৰত মাটি কিনি থাকিবলৈ লৈছিলো।

 ১৯৬৮-৬৯ চন মানত শিক্ষা বিভাগৰপৰা এখন জাননী প্ৰকাশ পাইছিল