পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৯
উমেশ বৈশ্যৰ ডায়েৰীৰ পৃষ্ঠা


(8)

 “বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিবৰ্তনৰ উপায়” এই প্ৰবন্ধটি ১/৮/৭৮ ইং তাৰিখে ছপা হৈ ওলোৱাৰ লগে লগে বন্ধুমহল, শিক্ষাবিদ, সাহিত্যিক, ৰাজনৈতিক নেতা আদি ভিন ভিন দিশৰ চিন্তাশীল সকলৰ মাজত ই এক আলোড়ন সৃষ্টি কৰিলে। মই ঠিক এনেকুৱা এটা পৰিৱেশ এই লেখাই সম্ভৱ বুলি ভবা নাছিলোঁ। পিছে যি কোনো কাৰণেই নহওঁক, ই সকলোৰে সমাদৰ লাভ কৰিলে। দেশৰ তথাকথিত কৰ্ণধাৰ সকলৰ লগত ব্যক্তিগতভাবে আলোচনা কৰিলোঁ। প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ সিংহ, বৰ্তমান শিক্ষামন্ত্ৰী লক্ষ্যধৰ চৌধুৰী, N.C.E.R.T.ৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ লগত বিশেষভাৱে আলোচনা কৰিলোঁ। সকলোতে মাত্ৰ এটাই কথা– “দেশত অস্থিৰ বাতাবৰণে বিৰাজ কৰিছে। দেশত কোনো Leader নাই। গতিকে যিকোনো সৎ কাৰ্যই বৰ্তমান মূৰ্তিমন্ত হোৱা টান। তথাপি চেষ্টা কৰক। আপোনাৰ চিন্তাই শিক্ষা সমাজত এক পৰিবৰ্তন আনিব পাৰে।”

(৫)

 মই যেতিয়া নলবাৰী গৰ্ডন হাইস্কুলৰ নৱম মান শ্ৰেণীত পঢ়ো (১৯৫৮ চন), কৃতি লেখক হোমেন বৰগোহাঞিৰ লগত অলপ সময় কথা কোৱাৰ সৌভাগ্য ঘটিছিল। কথা প্ৰসংগত গোহাঞিদেৱে দিয়া বহুতো উপদেশ আজিও মোৰ মনত আছে। তাৰে দুই-এটা বেণুধৰ শৰ্মাদেৱৰ লগত কথাৰ মাজতে ওলাই পৰিল। বৰগোহাঞিদেৱে কৈছিল, 'আমি সাহিত্যিক বিলাক ধানখেৰৰ জুইৰ দৰে দপদপাই জ্বলি উঠি নিমিষতে নুমাই যাম। বিশ্বত এনে কিছুমান সাহিত্যিক আছে যিবোৰ শাল কাঠৰ জুইৰ দৰে গহীন। ধীৰে ধীৰে জ্বলে; কিন্তু পলমকৈ নুমাই। সাহিত্যিক বিলাক এঙাৰৰ দৰে পুৰি যায়, কিন্তু ইয়ে দিয়া পোহৰত বিশ্বই জিলিকনি পায়....’ শৰ্মাদেৱে কথাখিনি মনপুতি শুনিলে।

 সাহিত্য সাধনা কেনেকৈ কৰে, লিখাবোৰ সাহিত্য হোৱাটো কেনেকৈ জনা যায় বুলি সোধা প্ৰশ্নৰ উত্তৰত গোহাঞিদেৱে কৈছিল, “লিখা, এনেয়ে পেলাই থোৱা, সময়ে তাৰ বিচাৰ কৰিব’....•