পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


দ্বিতীয় দিনৰ কথাঃ
 কেইদিনমান পাছত ৮খন বিদ্যালয়ৰ মাজত প্ৰতিযোগিতামূলক খেলা নিউ ফিল্ডত হৈছিল। আমাৰ বাপুজী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ/ছাত্ৰীয়ে ১ম স্থান পালে। নিয়মানুবৰ্তিতাৰ বাবে বেজমেন কাপ, শিল্ড আদি পোৱা হ'ল। ছাত্ৰ/ছাত্ৰীয়ে শিল্ড আদি পালে, আকস্মিক বক্তৃতাত দুজনে প্ৰাইজ পালে, ছাত্ৰ/ছাত্ৰীসকলৰ অভিভাৱকেও আনন্দ পালে। অভিভাৱকসকলে আনন্দিত হৈ সকলোকে চাহ-মিঠাই খুৱালে। এখন ভাল মিটিং হ’ল। বৈশ্যদেৱেও উপস্থিত থাকি ছাত্ৰ/ছাত্ৰীক আশীৰ্বাদ দিলে।

তৃতীয় দিনৰ কথাঃ
 বিদ্যালয় মেনেজিং কমিটিৰ সময় আহি পৰিছিল। বিদ্যালয় পৰিদৰ্শন কৰিবলৈ আৰু মেনেজিং কমিটিৰ গঠনৰ কথা ক’বলৈ যথা সময়ত গাৰ্জেন মিটিং মতা হ’ল। বৈশ্যদেৱকো মতা হ’ল। সকলো আহি উপস্থিত হ’ল, মেনেজিং কমিটি গঠন হ’ল। লিলি মজুমদাৰ বৰুৱা সভানেত্ৰী আৰু উমেশ বৈশ্যক সহকাৰী সভাপতি পাতিলে। সকলো সময়তে বৈশ্যদেৱৰ সহায়-সহযোগিতা পাইছিলো।

চতুৰ্থ দিনৰ কথাঃ ঘৰুৱা সম্পৰ্ক
 বিদ্যালয় ছুটীৰ পাছত বৈশ্যদেৱ আমাৰ বাপুজী বিদ্যালয়লৈ আহিল— এঘণ্টা আমাৰ মাজত কথা-বতৰা চলিল। সিদিনা কেৱল ঘৰুৱা কথাৰ আদান- প্ৰদানৰ কথাই আলোচনা হ’ল। তেখেতে হাড়ভঙা পৰিশ্ৰম কৰি ঘৰ চলোৱাৰ কথা, বৃদ্ধ পিতৃ-মাতৃৰ দায়িত্ব, ভায়েক চাৰিজনৰ দায়িত্ব লগতে তেখেতৰ পুত্ৰ- পৰিবাৰ ভৰা সংসাৰ। ভায়েক ৰমেশ বৈশ্যৰ বিয়াৰ কথাও ওলাল। মোক দুটামান টিউচন ঠিক কৰি দিয়াৰ কথা ক'লে, মই পালে কম বুলি ক'লোঁ। ঘৰত গৈ মোৰ গৃহস্থৰ লগত কথাখিনি মই আলোচনা কৰিলোঁ। মোৰ গৃহস্থই বৈশ্যক আমাৰ ঘৰলৈ মাতি পঠিয়ালে। দুটা টিউচন ঠিক কৰি দিলো। অভিভাৱকে বৈশ্যই টিউচন কৰিব বুলি ভালেই পালে।

 ছুটীৰ পাছত এদিন বৈশ্যক লগত লৈ মোৰ ঘৰলৈ গ'লো। মোৰ গৃহস্থ মুক্তিযোদ্ধা পুস্পৰাম দাস, কম কথা কয়, বৈশ্যক চিনাকী কৰি দিলো। চিনাকী হ'বৰ পৰা দাসৰ বৰপুত্ৰৰ নিচিনা ভবা হ’ল আৰু মোৰ ছোৱালী আৰু সৰু ল'ৰাকো টিউচন কৰিবলৈ দায়িত্ব দিলে দেউতাকে। সিদিনাৰ পৰা ৰাতি ৭-৮ লৈ টিউচন কৰি ঘৰলৈ যায়। এইদৰে আমাৰ ঘৰুৱা সম্পৰ্ক গঢ়ি উঠিল।