সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
উমেশ বৈশ্যৰ স্মৃতিচাৰণ

মুকুতাৰ দৰে উজ্জ্বল উমেশ বৈশ্য

খগেন নাথ
বিৰুবাৰী, গুৱাহাটী

 ১৯৯৩ চনৰ ফেব্ৰুৱাৰী মাহৰ এটা দিনত এটি অবাঞ্ছিত ঘটনা ঘটিল। একেটা চৌহদত থকা নিম্ন প্ৰাথমিক খণ্ডৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ দুগৰাকীয়ে প্ৰস্বাব কৰিম বুলি ৰাখি থকা অৱস্থাত হঠাৎ বাহিৰৰ পৰা আহিয়ে এম ই খণ্ডৰ মাননীয় প্ৰধান শিক্ষকদেৱে বেতেৰে অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰি প্ৰশাসনৰ নামত চৌহদত এক ত্ৰাসৰ সৃষ্টি কৰিছিল। নিস্পাপ ছাত্ৰ দুজনে ভীতিগ্ৰস্থ হৈ কান্দোনত ভাগি পৰিছিল। মাধ্যমিক খণ্ডত মই নতুন শিক্ষক হিচাপে পুৰণি সকলক কাৰণ সোধাত এটাই মন্তব্য যে উৰহৰ খং ভগা ঢাৰিত আৰু অইন সকলৰ লগতে ময়ো নীৰৱ হৈছিলো। দুয়োগৰাকী মাননীয় বিদ্যালয়ৰ প্ৰধানৰ ভাষ্যৰ পৰা অনুভৱ হৈছিল যে ছাত্ৰ দুগৰাকীৰ এজনৰ অভিভাৱক বোধহয় অতি হিংসুক, টুটকীয়া আৰু চৰিত্ৰহীন।
 ঘটনাৰ কেইমাহমান পিছত মাধ্যমিক খণ্ডৰ সাহাযাৰ্থে থিয়েটাৰ মতা হ’ল। প্ৰায় এক ডজন কৰ্মীয়ে নিষ্ঠা সহকাৰে বিৰুবাৰীৰ পাহাৰে ভৈয়ামে টিকট বিক্ৰীত ব্যস্ত হৈ পৰিল। এদিনাখন সন্ধিয়া পাহাৰৰ দাঁতিত নিৰ্দিষ্ট ব্যক্তি এগৰাকীৰ নাম লৈ তেখেতৰ ঘৰত সোমাব খুজিলে। মানুহখিনিক তেতিয়া হৈ যোৱা ঘটনাটোৰ বিষয়ে মনত পেলাই দি সোঁৱৰাই দিয়া হ’ল। কিন্তু উদ্যোগী ব্যক্তি কেইগৰাকীয়ে ভাবিলে যে এনে এক গুৰুত্বপূৰ্ণ ঘটনাৰ পিছত ৰাইজ হিচাপে খবৰ লবলৈ যিহেতু কোনো অহা নাছিল, সেয়েহে সুযোগ বুজি সকলোৱে ইচ্ছা প্ৰকাশ কৰিলে যে সেই বিশেষ অভিভাৱক গৰাকীক লগ ধৰিহে যাব। সৌভাগ্যক্ৰমে প্ৰথমে দৰ্জা খুলি ওলাই আহিল শাস্তিৰ বলি হোৱা নিৰ্দিষ্ট ছাত্ৰজন। ৰাইজে সবিশেষ সেই বিষয়ে জানিব খোজাত কোমলীয়া মনৰ ছাত্ৰজনে আবেগতে কান্দি দিলে। ক্ষন্তেক পিছতেই তেওঁৰ পিতৃ ওলাই আহিল যিগৰাকী হ’ল সেই সময়ৰ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক মাননীয় উমেশ বৈশ্য ডাঙৰীয়া।