সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


মিচিকি হাঁহিৰে ভিনদেউৰ গাম্ভীৰ্য তথা ব্যক্তিত্বৰে ভৰা সৰল মুখখন

বীণা বৰুৱা

শান্তিপুৰ, ৰঙিয়া

 জীৱন মানে মৃত্যু। জন্ম হ'লে এদিন সকলো প্ৰাণীৰ মৃত্যু হ'বই। ই এক চিৰন্তন সত্য। মৃত্যু শব্দটো সহজ ভাৱে ল'ব নোৱাৰিলেও এই শব্দটোৰ ওচৰত সকলোৱেই হাৰ মানিছে। এই সকলোবোৰ জানিও আমি যেতিয়া আমাৰ মাজৰে এজন আপোন ব্যক্তিক হেৰুৱাও আমাৰ মনটো তেতিয়া ভাৰাক্ৰান্ত হৈ পৰে। এই দুখ, এই বেদনা লিখি বা কৈ প্ৰকাশ কৰা অসম্ভৱ। ময়ো এনে এজন প্ৰতিভাবান উজ্জ্বল ব্যক্তিক হেৰুৱাই শোকত ম্ৰিয়মান হৈ পৰিছিলোঁ, পৰিছিলোঁ বাকৰূদ্ধ হৈ।

 ৰঙাবগা চাহাব যেন চেহেৰাৰ সম্পূৰ্ণ ব্যক্তিত্ব সম্পন্ন প্ৰতিভাবান এই গৰাকী ব্যক্তিয়েতো মোৰ ভিনদেউ আছিল। শান্ত, সমাহিত, পৰিশ্ৰমী ব্যক্তি। এখন পিছপৰা গাঁৱৰ অশিক্ষিত ঘৰ এখনত যেন এটা হীৰাৰ টুকুৰা আছিল। অশেষ কষ্টেৰে শিক্ষা গ্ৰহণ কৰি নিজৰ অনুজ সকলকো শিক্ষা গ্ৰহণ কৰাত দেহে-কেহে লাগিছিল। অনুজসকলৰ প্ৰতি ভিনদেউৰ মৰম, একাগ্ৰতা আৰু কৰ্তব্যনিষ্ঠা দেখি যুধিষ্ঠিৰৰ লগত তুলনা কৰিলেও বেছি কোৱা নহ'ব। অনুজসকল যেতিয়ালৈকে স্বাৱলম্বী হোৱা নাছিল তেতিয়ালৈকে তেখেতে নিজৰ পৰিয়ালক গুৰুত্ব দিব পৰা নাছিল। ভিনদেউ সদায় বাস্তৱবাদী আছিল। তেখেতে অতীত আৰু ভৱিষ্যততকৈ বৰ্তমান বিশ্বাসী আছিল। তেখেতে ৰচনা কৰা কবিতা পুথিসমূহত সুন্দৰ, সহজ-সৰল ভাষা প্ৰয়োগ কৰিছিল। ‘মিলন’, ‘অশান্ত জন্মভূমি’, ‘তই যুক্তি যুদ্ধ কৰ’ আদি কিতাপ এবাৰ পঢ়াৰ পিছত আকৌ এবাৰ পঢ়াৰ ইচ্ছা হয়। তেখেতে নিতৌ সাহিত্য চৰ্চা কৰিছিল। ভিনদেউৱে মৃত্যুৰ মাত্ৰ কেইদিনমান আগতে তেখেতৰ সপোনৰ বিদ্যালয়খনৰ বিদ্যালয় সঙ্গীতটো ৰচনা কৰে।