সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্রাণ প্রয়াত উমেশ বৈশ্য

আৰম্ভণিতে কৃষ্ণাৰ্জুনৰ লগত মোৰ সংযোগ ঘটিব লাগে। ১৯৬৬ চনৰ ৫ মে’ত দত্তই সাধনা দেৱীৰ লগত ‘ ফিল্ম ইণ্ডাষ্ট্ৰিৰ বিষয়ে প্ৰশিক্ষণ ল’বলৈ পুণেলৈ যাত্ৰা কৰিছিল আৰু আমি ‘ট্ৰেইন’ত তুলি দি সফলতাৰ কামনা কৰি বিদায় দি আহিছিলো। আমাৰ সংযোগ ঘটা দিনৰে পৰা আৰম্ভ কৰি অন্তঃসলিলা ফল্গুৰ দৰে বন্ধুত্ব চলি আছিল। ১৯৬৪ চনত নে ১৯৬৫ চনত অলপ পাহৰিছো মই কুমাৰ ভাস্কৰ নাট্য মন্দিৰস্থ সংগীত মহাবিদ্যালয়ৰ তবলাৰ ছাত্ৰ আছিলো। ড° অমৰজ্যোতি চৌধুৰী আমাৰ তবলাৰ সহপাঠী আছিল। ১৯৬৬ চনৰ ৮ জুনত সেই সময়ত লতাশিল প্ৰাথমিক বিদ্যালয়ত স্থাপিত ‘ সাদা সংগীত বিদ্যাপীঠ’ত অধ্যক্ষ কৰুণাশংকৰ ঠাকুৰীয়াৰ আমন্ত্ৰণ ক্ৰমে ভৰ্তি হৈছিলো। এইবোৰ মোৰ কথাই কৈ থকা হৈছে যদিও এই কথাবোৰৰ লগত উক্ত কৃষ্ণাৰ্জুনৰ সম্পৰ্ক আছিল। আমাৰ প্ৰবৃত্তি, চিন্তা- চৰ্চা আৰু কৰ্ম সংগতিৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছিল। প্ৰয়াত বৈশ্যই ‘বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিবৰ্তনৰ উপায়’ সম্বন্ধে এলানি কৰ্মপদ্ধতি যুগুত কৰি সেই সময়ৰ প্ৰখ্যাত জনতা পাৰ্টি নেতা ‘জয়প্ৰকাশ নাৰায়ণৰ অনুমোদন বিচাৰি তেওঁক পাটনাত লগ কৰিবলৈ তথা ভাৰতৰ বিভিন্ন প্ৰদেশৰ শিক্ষা পদ্ধতিৰ বুজ ল’বলৈ তথাকথিত কৃষ্ণাৰ্জুনে ভাৰত ভ্ৰমণৰ প্ৰস্তুতি কৰি মোৰো সন্মতি বিচাৰিলে। মই অতি আগ্ৰহেৰে সৈতে সন্মতি প্ৰদান কৰিলো। কাৰণ সেই সময়তে মোৰ কনিষ্ঠ ভাতৃ খগেনক তাৰ সংগীতৰ প্ৰতি থকা বহুমুখী প্ৰতিভাৰ প্ৰতি লক্ষ্য কৰি লক্ষৌৰ সংগীত মহাবিদ্যালয়ত নাম ভৰ্তি কৰি থৈ আহিম বুলি মনতে ভাবি আছিলো। যথা সময়ত প্ৰস্তাবটো পাই মই তেওঁলোকক ভ্ৰমণৰ সম্পূৰ্ণ আঁচনি প্ৰস্তুত কৰিবলৈ প্ৰস্তাব দিলো। কথামতে সকলো ঠিক-ঠাক হ’ল। ১৯৭৮ চনৰ ১১ অক্টোবৰত বিজয় দশমীৰ দিনা গধূলি গুৱাহাটী ষ্টেচনৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ল। আমাৰ তিনিওজনৰ ‘চাকোলাৰ টিকট পাছ’ প্ৰতি জনৰ ১২৯ টকাকৈ। আমি ভাৰত ভ্ৰমণ কৰিম। খগেনক লক্ষ্ণৌত থৈ যাম। গতিকে তাৰ বাবে বেলেগ টিকট। আমি প্ৰথমে পাটনালৈ গলো জয়প্ৰকাশ নাৰায়ণক লগ কৰিবলৈ। জয়প্ৰকাশ নাৰায়ণৰ তেতিয়া অন্তিম অৱস্থা। দুয়োটা কিডনি ফেল’। দৈনিক ‘ডাইলেচিচ’ৰ ওপৰত চলি আছিল। আমি লগ কৰিব যোৱাৰ দিনা ‘ডাইলেচিচ’ কৰি ওলাই আহিছিল। মই দূৰৰ পৰা চালো, এওঁলোকে কি কথা পাতিলে মই নুসুধিলো। তাৰপৰা আমি কাশীলৈ গ'লো। তাতে দত্তৰ চিনাকি এজনৰ