পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

টকাৰে প্ৰতি মাহতে তহঁতক নতুন নতুন কাপোৰ কিনি দিব পাৰো। কিন্তু কেৱল নতুন কাপোৰ পিন্ধাটোৱেই মানুহৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব নালাগে।”

 আজিৰ পৰা প্ৰায় ত্ৰিশ বছৰ আগতে দেউতাই কোৱা এই উপদেশপূৰ্ণ কথাষাৰৰ অৰ্থ তেতিয়া হয়তো মই বুজাই নাছিলো, আজি কিন্তু মই ইয়াক মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছো।

 শেষত প্ৰচাৰ বিমুখ দেউতাৰ এটি সুগভীৰ চিন্তাযুক্ত কবিতাৰে সামৰিছো— য’ত তেখেতৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা সুন্দৰ তথা স্পষ্টৰূপত পৰিস্ফুট হৈছে–

তলমল জীৱনৰ খৰতৰ স্ৰোতেৰে
তুলি যাওঁ উত্তাল বান,
মৰা সুতি, বিল, খাল আছে যত সমাজৰ
কৰি যাওঁ সকলো সমান
নিকা হ’ক এই মাটিখান।

*****