পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্রাণ প্রয়াত উমেশ বৈশ্য

এটি কবিতা লিখি সেই সময়ৰ শিশু আলােচনী ‘দীপক’ লৈ পঠিয়াই দিছিল আৰু যথাসময়ত কবিতাটো আলােচনীখনত প্ৰকাশ পাইছিল। আলােচনীখনৰ সম্পাদক আছিল সুপ্রসিদ্ধ সাহিত্যিক, অধ্যাপক অতুল চন্দ্ৰ হাজৰিকা। মই জনাত ‘ৰাতিপুৱা’ শীর্ষক কবিতাটোৱেই প্রয়াত বৈশ্যৰ প্রথম প্রকাশিত কবিতা। ইয়াৰ পিছত তেওঁ স্কুলৰ হাতেলিখা আলােচনীত কবিতা আদি লিখাৰ বাহিৰেও সেই সময়ৰ জনপ্রিয় বাতৰি কাকত ‘আলােক’ত কবিতা-গল্প-প্রবন্ধ আদি প্রকাশ কৰিছিল। খ্রী. ১৯৮১ চনত প্রয়াত বৈশ্যই ঘৰতে এটা ছপাশাল প্রতিষ্ঠা কৰি তেওঁৰ নিজৰ তত্ত্বাৱধানত ‘সুৱাগী’ বােলা দুমহীয়া আলােচনী এখন প্রকাশ কৰিছিল। নক'লেও হ'ব যে প্রয়াত বৈশ্যই বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থকা দিনৰেপৰা ৰচিত কবিতা, গীত, প্রবন্ধ, সমালােচনা আদি বিবিধ বিষয়ক নির্মিতিৰাজি নতুন অসমীয়া’, ‘দৈনিক অসম’, নৱযুগ’ আদি কাকত-আলােচনীত প্রকাশ পােৱাত তেওঁ পাঠক সমাজৰ মাজত সুপৰিচিত হৈছিল। প্রয়াত বৈশ্যৰ প্রথম প্রকাশিত পুথিখনৰ নাম ‘মিলন’। খ্রী. ১৯৮০ চনত প্রকাশিত এইখন এখন খণ্ডকাব্য। প্রেম আধাৰিত এই কাব্যখন সমালােচকসকলৰ দ্বাৰা উচ্চ প্রশংসিত। ইয়াৰ পিছত তেওঁৰ দ্বাৰা ৰচিত ‘অশান্ত জন্মভূমি আৰু তই যুক্তি যুদ্ধ কৰ’ বােলা আন দুখন পুথি ক্রমে খ্র. ১৯৭৯ আৰু খ্র. ১৯৮০ চনত প্রকাশ পায়। এই দুখন পুথিও সমালােচকসকলৰ দ্বাৰা অভিনন্দিত হৈছে। এই প্রসংগত ‘তই যুক্তি যুদ্ধ কৰ’ শীর্ষক কবিতা পুথিখনৰ সন্দৰ্ভত ধীমান সাহিত্যিক পণ্ডিত তীর্থনাথ শৰ্মাই আগবঢ়োৱা মন্তব্যৰ কিয়দংশ তলত তুলি দিয়া হল :

 ‘তই যুক্তি যুদ্ধ কৰ’ নামৰ কবিতা সংগ্ৰহত থকা কবিতাকেইটি বর্তমান সমস্যা আৰু হেন্দোলদোপৰ উত্তাপত উথলি উঠা কবি-মনৰ উতল। কবিতা-কেইটি লেখত কম হলেও জোখত পাতল নহয়। এটা স্বাভাৱিকতে উগাৰি উঠা প্রেৰণা কবিয়ে অনুভৱ কৰিছে। ইয়াত থকা কবিতাকেইটা তাৰেই একোটি ফিৰিঙটি। সাময়িক আন্দোলনৰ উথল-পাথলত গা-উঠি উজান দিয়াৰ কৃত্রিমতা ইয়াত নাই।'...

 প্রয়াত বৈশ্যৰ খ্রী. ১৯৭৭ চনত প্রকাশ পায় ‘ৰচনা মালিকা’ শীর্ষক এখন ৰচনা পুথি। ছাত্র-ছাত্রীৰ উপযােগীকৈ ৰচিত এইখন পুথি আজিও ছাত্র-ছাত্রীসকলৰদ্বাৰা সমাদৃত।প্রয়াত বৈশ্যৰ মৰণােত্তৰভাবে প্রকাশিত পুথি দুখন হ’ল— প্রগতিৰ গান (২০১০) আৰু সুৰ বিচাৰি বাৰ বছৰ (২০১৫)। প্রথমখনৰ