সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
উমেশ বৈশ্যৰ স্মৃতিচাৰণ


৬ লেচামান মাটি অতি জোৰকৈ ধৰি কিনালো। বৰ্তমানে ল'ৰাকেইজনে তাত দোকান ঘৰ সাজি ভাৰাত দিছে। সিহঁতৰ এই আঁচনি দেখি মই অতি আনন্দিত হৈছো। পাৰিবাৰিক জীৱনতো তেখেতক সফল বুলিয়েই ক’ব লাগিব। কাৰণ দৈন্যতাক খুব ওচৰৰ পৰা দেখিও অতি সাহসেৰে যুঁজ দি পৰিয়ালটোৰ আদৰ্শৰ এটা সুন্দৰ ভেটি স্থাপন কৰি থৈ গৈছে। বৈশ্য ঢুকুৱাৰ সময়ত পৰিয়ালটো অতি চালুকীয়া অৱস্থাতে আছিল। তেখেতৰ কোনো এজন ল'ৰাই স্বাৱলম্বী হোৱা নাছিল আৰু এই দায়িত্ব তেখেতৰ পত্নী ৰিণা বৈশ্যই পালন কৰিবলগীয়া হয়। তেখেতে ল’ৰাকেইজনক সুন্দৰভাৱে শিক্ষা- দীক্ষা দি স্বাৱলম্বী কৰি তোলে। এইখিনিতে তেখেতৰ চেষ্টা আৰু ধৈৰ্য প্ৰশংসনীয়। আজি তেখেতৰ প্ৰত্যেকজন ল’ৰাৰ গাত দেউতাকৰ আদৰ্শ আৰু শিষ্টাচাৰ বিদ্যমান। এয়াও তেওঁলোকৰ মাতৃৰে কৃতিত্ব।

 শিক্ষক হিচাবে আৰু পিতৃ হিচাবে তেখেতে নিজৰ কৰ্তব্য সুন্দৰ ভাবে পালন কৰাৰ উপৰিও অন্য এটা দিশো সমান্তৰালভাৱে চলাই নিছিল। সেয়া হ’ল সাহিত্য চৰ্চা। অকল সেয়াই নহয় সংগীতৰ প্ৰতিও আছিল তেখেতৰ অদম্য হেঁপাহ। সেয়েহে নৱম শ্ৰেণীত পঢ়ি থাকোতেই সংগীতৰ শিক্ষা গ্ৰহণ কৰি ১৯৭৭ চনত লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যালয়ৰ পৰা সংগীতৰ উপাধিও লৈছিল। গীতৰ পুথি ৰচনা কৰি তাত সুৰ দিছিল। সংগীতৰ কথা কওঁতে মোৰ এটা কথা মনলৈ আহিছে। এবাৰ এখন সংগীতৰ অনুষ্ঠানত যোগ দিবলৈ তেখেত এজন বন্ধুৰ সৈতে গৈছিল। আহোতে ৰাতি প্ৰায় ৯-১০ মান বাজিছে। দুই বন্ধুৱে বাটত বজাৰ কৰি মাছ কিনিলে আৰু হাতত লৈ ঘৰ অভিমুখে ৰাওনা হ’ল। দুয়োৱে আহোতে বাটে বাটে সংগীতৰ কথাকে পাতি আহিছিল আৰু মাজে মাজে গাইছিলো। শেষত দুয়ো গানত ইমান মছগুল হ’ল যে হাতৰ মাছ ক’ত ওলাই পৰিল গমকে নাপালে। পিছদিনা এই ঘটনাটো মোৰ আগত কৈ ৰগৰ কৰি বৰকৈ হাঁহিছিল। এইজনেই আছিল আপোনভোলা প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য।

 মানুহৰ জীৱনৰ মূল্যায়ন হয় কামৰ দ্বাৰা, জীৱনৰ দৈৰ্ঘ্যতাৰ ওপৰত নহয়। জীৱনৰ মধ্যাহ্ন সময়তে তেখেত ডায়বেটিছ ৰোগত আক্ৰান্ত হয়। তথাপি তেখেত হাৰমনা বিধৰ ব্যক্তি নাছিল। ইমান কম সময়ৰ ভিতৰতে কেইবাখনো গীতৰ পুথিকে ধৰি গ্ৰন্থ ৰচনা কৰি নীৰৱ দেশপ্ৰেমৰ পৰিচয় দি গৈছে। এই মহান ব্যক্তিগৰাকীয়ে জন্মস্বত্বে লাভ কৰা প্ৰতিভা আৰু অসাধাৰণ