পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৬
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য

বিৱৰণ দিয়াটো আমাৰ বাবে অনাধিকাৰ চৰ্চা হ’ব বুলি ধাৰণা কৰি আৰু সেই সংক্রান্তীয় তথ্য-পাতি আদিও নজনাকৈ লিখিলে প্রমাদযুক্ত হ'ব পাৰে বুলি অনুভৱ কৰি এই ইতিহাসত তাৰ উল্লেখ কৰা নহ'ল।

 ইতিহাস থুলমূলকৈ শেষ কৰা হ’ল সঁচা, কিন্তু ক’বলগীয়া আৰু বহু কথাই বাকী ৰৈ গ'ল। আমাৰ প্ৰগতি পথৰ বিঘিনি এতিয়াও আঁতৰা নাই। নৱজাত উচ্চতৰ মাধ্যমিক শাখাটোৰৰ সংঘাত আৰম্ভ হৈছে। উচ্চতৰ মাধ্যমিক শাখাটোত সহশিক্ষা প্রচলন কৰা হৈছে। বহুতে ক'ব খােজে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বালকৰ নাম ভর্তি কৰাটো নিয়ম বহির্ভূত। বহুতে ক'ব খােজে উচ্চতৰ মাধ্যমিক শাখাত বালক বালিকা একেলগে পঢ়াত কোনাে বাধা থকাটো অনুচিত। এই সংক্রান্ততে বহুতে পশ্চাদঘাটি কার্যকলাপেৰেও উচ্চতৰ মাধ্যমিক শাখাটোৰ বিৰােধিতা কৰাটো পৰিলক্ষিত হৈছে। এই সকলােবােৰ উদ্দেশ্য প্রণােদিত দুষ্কৃতিক জয় কৰা হৈছে। বিভাগীয় কর্তৃপক্ষই বাটৰ হেঙাৰ ভাঙি আমাৰ প্রগতি পথ উজলাই তুলিছে। সেই বাটে আমি গৈ আছোঁ।

 বিদ্যালয়ৰ জন্মৰপৰা এতিয়ালৈ ৩৩ বছৰ কাল উকলি গ'ল। এই সুদীর্ঘ কালচোৱাত আমাৰ সম্ভাৱনাময় সকলাে সামর্থ্য থকা সত্বেও বিদ্যালয়খনৰ শৈক্ষিক দিশৰ ফলাফলতেই হওক বা খেলা-ধূলা, সাহিত্য-সংস্কৃতি আদিৰ দিশতেই হওক কোনাে ক্ষেত্ৰতেই আমি মানবিশিষ্ট কৃতকার্যতা দেখুৱাব পৰা নাই। মাটিবাৰী, ঘৰ-দুৱাৰ আদিৰ ক্ষেত্ৰতাে সেই একেই কথা। এই বিলাকৰ চকুত লগা উন্নয়ন, সম্প্রসাৰণ আদি দূৰৰ কথা বিদ্যালয়ৰ মাটিখিনিৰ চৌহদটোকেই আজি ৩৩ বছৰে স্থায়ী বেৰ আদিৰে সুৰক্ষিত কৰিব পৰা নাই। সীমান্ত প্রতিবেশীয়ে আজি এডেও দুডেওকৈ বেদখল কৰি বিদ্যালয়ৰ মাটিত প্রৱেশ কৰিছে। আমি মাথাে নীৰৱ দর্শক হৈ চাই আছো। আমাৰ ঐক্যবদ্ধ কণ্ঠস্বৰ আজি স্তব্ধ হৈ গৈছে। ইয়াৰ মূল কাৰণ ? আমাৰ মাজৰ এক মজিয়াৰ আত্ম কলহ। কিন্তু আমি আশাবাদী। আমাৰ মনত দুৰন্ত আশা, এদিন দুষ্কৃতি আঁতৰিবই। বিদ্যালয়ৰ হিতাকাংক্ষী শিক্ষক-শিক্ষয়িত্রী, অভিভাৱক, ছাত্র-ছাত্রী, ৰাইজ তথা চৰকাৰ এদিন জাগ্রত হ’বই। এদিন বিদ্যালয়ৰ দুখৰ ৰাতি পুৱাবই। আমি তাৰেই প্রতীক্ষাত।

(বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপত্র ‘বাণীদীপ’ দ্বাদশ সংখ্যা,
১৯৯১-৯৩-৯৪-৯৫ চনত প্ৰকাশিত।)