পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


দেশখন জাতিষ্কাৰ কৰি তুলিছে। শান্তিময় এই ফুলনিৰ ৰূপ দেশখনৰ শান্তি অক্ষুন্ন ৰখাৰ বাবে দেশবাসীয়ে পণ কৰিছে; এই শান্তি বিনষ্টকাৰীহঁতক নিধন কৰিবলৈ দেশপ্রাণ গীতিকাৰজনাই দুর্নিবাৰ বজ্রবাণী শুনাইছে—

শান্তি হৰণ কৰিব যিয়ে
কৰিম তাক নিধন,
এই যে আমাৰ বজ্রবাণী
আমি দুর্নিবাৰ।

 (২) বড়াে, মণিপুৰী, খাছিয়া, ত্রিপুৰী, লুচাই, নাগিনী সকলাে মিলি একেখন অসমৰ একেখন চোতালত কত যুগ সাতভনী হৈ মিলিজুলি ধেমালি কৰিছিল। কিন্তু চতুৰ বিভেদকামী সকলে এই সাতভনীক বেলেগাই দি শক্তিহীনা কৰাৰ পৰিণতিত চৌদিশে এন্ধাৰে আৱৰি ধৰিছে। যি ভুলে সাতভনীৰ এই দুদৰ্শাৰ সৃষ্টি কৰিছে তাৰ অৱসান ঘটাই পূৰ্বৰ চেনেহ-প্ৰীতিৰে জ্যোতিষ্মান হ'বৰ বাবে একগােট হৈ মুক্তি তথা পােহৰৰ অভিযান কৰিবলৈ গীতিকাৰজনাই ভনীসকলক আহ্বান জনাইছে—

ঐক্য ডােলেৰে বান্ধ খাই কৰোঁ
পােহৰৰ অভিযান।

 (৩) পুৰণি অসমৰ থলুৱা জাতি-জনগােষ্ঠী, বড়াে, বব্ৰুবাহন-উলুপীৰ দেশৰ মণিপুৰী, মিকিৰ, মুছলমান আদি পর্বত-ভৈয়ামৰ জাতি-জনজাতি যুগ- যুগান্তৰ এই অসম দেশৰ ভূমিত উদাৰ হিয়া মনেৰে মিলনৰ গীত গাই আহিছে। অসমৰ এই খিলঞ্জীয়াসকলৰ লগতে নেপালী, গংগা তীৰৰ হিন্দুস্তানী, পশ্চিম দেশৰপৰা অহা মুছলিম, মিছাৰী সকলাে দেশ-বিদেশ ভ্রমি আহি লুইতৰ পাৰত লুইতপৰীয়া অসমীয়া হৈ, ভাৰতীয় হৈ ভাৰত মাতৃৰ এক মহাজাতি ৰূপে পৰিচিত হৈছে। মহান দেশৰ এই মহান জাতিয়ে সদা-সর্বদায় মিলন তথা একতাৰ জয়গান গােৱাৰ প্ৰয়াস গীতিকাৰে প্ৰকাশ কৰিছে—

আমি অসমীয়া, আমি ভাৰতীয়
আমি মহাজাতি মাতৃভূমি ভাৰতী
আমাৰ দেশ মহান
গাওঁ মিলনৰ গান।

 (৪) পাহাৰ-ভৈয়ামবাসী আদিম জনজাতি, সিন্ধুৰ পাৰত থিতাপি লােৱা আর্য হিন্দু যিসকলৰ বাণী ‘বসুধৈৱ কুটুম্বক্‌’, ‘অহিংসা পৰম ধর্ম’ বাণীপ্রধান