পিতা। কথাখিনিত পিতা খুউব এটা প্ৰসন্ন নহ’ল যেন বোধ হ’ল। শিকাই গৈ আছে তেতিয়াও— “তুমি punctuationত দুৰ্বল, ব্যাকৰণ শুদ্ধকৈ ব্যৱহাৰ কৰিবা।” “বাবা বিশ্বাস ভাল, কিন্তু অন্ধতা নহয়।” কালি ৰাতিপুৱা মোক কথাষাৰ ব্যাখ্যা কৰিবা।
ৰঙা চিয়াঁহীৰ দাগবোৰত ব্যাকৰণৰ বহীৰ পাতখিলা ৰঙাবগা হ'ল। দেখাত একপ্ৰকাৰ সুন্দৰ চিত্ৰ এখনৰ দৰেই হ’ল। আজিৰ দিনটোও সেই বিশেষ বাক্যটোৰে সামৰণি পৰিল। “শব্দানুবাদ হৈছে বাক্যানুবাদ নহয়।”
“বিশ্বাস ভাল, কিন্তু অন্ধতা নহয়” ব্যাকৰণ শিকি থকাৰ মাজতে পিতাৰ উক্ত বাক্যষাৰৰ মূল্য মোৰ আজিও চাকৰি জীৱনৰ বহু ক্ষেত্ৰত উপলব্ধ হয়।
[ ২ ]
দশম শ্ৰেণীৰ ঘটনা। অঙ্কৰ টিউচন ৩ পৰীক্ষা শেষ হোৱাত অঙ্কৰ চাৰে বহীখিনি লগত লৈ মোৰ লগতে আহি পিতাৰ হাতত জমা দি বহীখিনি মূল্যায়ন কৰি দিবলৈ অনুৰোধ কৰে। মনত মোৰ খুউব স্ফূৰ্তি আজি পৰীক্ষা ভাল হৈছে। খুউব উৎসাহ আৰু স্ফুৰ্তিত থকা দেখি পিতাই মোক চাৰৰ সন্মুখতে সুধিলে- “পৰীক্ষা ভাল হৈছে ছাগৈ।” “অৰুণ মোৰ প্ৰিয় শিষ্যবোৰৰ এজন” চাৰে ক'লে।
পিতাৰ পৰা বাহঃ বাহঃ পোৱাৰ আশাৰে ৰাতি বহীবোৰ মূল্যায়ন কৰাৰ সময়ত পিতাৰ কাষত বহি লওঁ। প্ৰদীপ, সঞ্জীৱ, নয়নৰ বহী চোৱা হ'ল। নম্বৰবোৰো পিতাই দি গ'ল। সিহঁতৰ ভুলবোৰ মোক আঙুলিয়াই দিছে। মোৰ সেই ভুলবোৰ হোৱা নাই। মনটো লাহে লাহে ডাঠ হৈ গৈ আছে। এইবাৰ দিগন্তৰ বহীটোও চোৱা হ'ল। মোৰ বহীটো পিতাই হাতত তুলি লৈছে। মই এশ শতাংশ শুদ্ধ হোৱাৰ এক গৰ্বত পিতাক কৈ গ'লো— পিতা, মোৰ গণিতত শক্তি কিছু বেছি। বোধহয় মেট্ৰিকত লেটাৰ মাৰ্কচ আহিব। পিতাই শুনি গৈ আছে আৰু মাজে মাজে কৈ গৈ আছে— “আখৰবোৰ বেয়া হৈছে তোমাৰ, দ্বিঘাত সমীকৰণ ভালদৰে বুজি পাইছানে?” মোৰ স্পষ্ট উত্তৰ খুউব ভালকৈ পাৰোঁ মই। বিশৰ ভিতৰত বিশ পোৱাৰ আশা আৰু বহীবোৰ টিউচনত সকলোৰে আগত ওভতাই দিয়াৰ সময়ত চাৰৰ পৰা শুনিবলগীয়া প্ৰশংসা বাণীবোৰৰ সপোনত বিভোৰ হৈ থকা সময়ত বুকুত আঘাত কৰা দি পিতাৰ ৰঙা চিয়াঁহীৰ ভুল চিহ্নৰ সৈতে কণী ৰূপৰ দাগে সপোনত বেয়াকৈ পানী